
গুৱাহাটী, ২৭ জুলাই(হি.স.)। ৰাজ্যৰ উজনী অসমৰ শিৱসাগৰ ,চৰাইদেউ আৰু যোৰহাট জিলাই সন্মখীন হোৱা বান সংকটৰ সময়ত শিৱসাগৰ জিলাৰ দুৰ্গম অঞ্চলৰ প্ৰায় ৫ হাজাৰ বানপীড়িত লোকৰ কাষত বন বিভাগৰ কৰ্মীসকলে সাহায্য যোগান ধৰাৰ পিছত বন বিভাগৰ প্ৰচেষ্টাক অসমৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ২৭ জুলাইত প্ৰশংসা কৰে।
সাহায্য সামগ্ৰী প্ৰেৰণৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে নাজিৰাৰ বিধায়ক ময়ুৰ বৰগোহাঁইৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰি জিলা খনে সন্মুখীন হোৱা পৰিস্থিতিৰ বুজ লয়। আলোচনাৰ সময়ত বিধায়ক গৰাকীয়ে জনাইছে যে চৰকাৰে ধাৰাবাহিকভাৱে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য যোগান ধৰি আহিছে যদিও বহু পৰিয়ালে কেইবাদিনো ঘৰ-দুৱাৰ ডুব গৈ থকাৰ বাবে কাপোৰৰ তীব্ৰ নাটনিৰ সন্মুখীন হৈছে।
সংকটৰ প্ৰতি তৎক্ষণাত সঁহাৰি জনাই বৰুৱাই টি-চাৰ্ট, মেখেলা চাদৰ, চাৰ্ট, ট্ৰেক পেণ্ট আৰু শাৰীকে ধৰি নতুন কাপোৰ প্ৰেৰণৰ ব্যৱস্থা কৰিলে।
এই সামগ্ৰীসমূহে দুৰ্যোগৰ পিছৰ পৰিণতিৰ সৈতে মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰি থকা বানপীড়িত পৰিয়ালসমূহৰ তাৎক্ষণিক কাপোৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ