
শিৱসাগৰ, ২৭ জুলাই (হি.স.)। শিৱসাগৰৰ বন্যাৰ্তৰ কাষত ধেমাজিৰ টীম বনৰীয়া আৰু লেখিকা সমাজ।
অ-বিভক্ত শিৱসাগৰ জিলাৰ অভূতপূৰ্ব বান পৰিস্থিতিৰ সন্মুখীন হোৱা বানাক্ৰান্তৰ দুখৰ সমভাগী হ'বলৈ ৰাজ্যখনৰ অনেক দল-সংগঠনৰ লগতে ধেমাজিৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন “টীম বনৰীয়া আৰু ধেমাজি সদৰ লেখিকা সমাজৰ এটা প্ৰতিনিধি দলে দেওবাৰে শিৱসাগৰ জিলাৰ কেইবাটাও স্থানত কিছু অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা আৰু কাপোৰ বিতৰণ কৰে ৷
দেওবাৰে পুৱা ৬ বজাতেই দুখন সামগ্ৰী ভৰ্তি টাটা ম’বাইল গাড়ীৰে ৰাওনা হোৱা দলটোৱে প্ৰথমে ডিমৌ সমষ্টিৰ লাচিত পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ নিমাইজান অঞ্চলৰ ১৮০ টা পৰিয়ালক পানীসহ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলাৰ লগতে পুৰুষ-মহিলা আৰু ল’ৰা-ছোৱালীৰ বাবে প্ৰয়োজনীয় কাপোৰ বিতৰণ কৰে ৷ ইয়াৰ পাছতে দলটোৱে শিৱসাগৰ সমষ্টিৰ চাৰিং অঞ্চলৰ দুৱৰা গাঁৱৰ বানবিধস্ত ৰাইজৰ মাজত অনুৰূপধৰণে খাদ্য সামগ্ৰীৰ টোপোলা আৰু কাপোৰ বিতৰণ কৰে ৷ উল্লেখ্য যে বিগত ছদিন ধৰি পানীৰ তলত থকা অঞ্চলটোৰ ৰাইজৰ দুৰ্দশা এতিয়াও কমা ৷ বৰঞ্চ পানী শুকাই যোৱাৰ পাছত বাঢ়িবহে বুলি জানিবলৈ দিয়ে ৷ অঞ্চলটোৰ প্ৰায় প্ৰতিটো ঘৰ আজিও পানীত ডুব গৈ আছে ৷ বানত ডুব গৈ থকা পৰিয়ালসমূহে পথৰ কাষত অস্থায়ী চালি সাজি অতি কষ্টৰে দিন পাৰ কৰিবলগীয়া হৈছে ৷ একেদৰে পশুধনসমূহৰো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বানবিধস্ত ৰাইজৰ দুৰ্দশা দেখি সাহাৰ্য প্ৰদান কৰা দলটোৱে দুঃখ প্ৰকাশ কৰে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু