
মৰিগাঁৱ, ২৭ জুলাই (হি.স.)। বানে বিধ্বস্ত কৰা টীয়কৰ বিভিন্ন স্থানত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বানে বিধ্বস্ত কৰা অঞ্চল সমূহত এতিয়া কৰ্দযময় পৰিৱেশ। বহু অঞ্চলত ঘৰৰ ভিতৰত পলসে পুতি পেলাইছে । এনে সময়ত বিভিন্ন জনে দূৰ্গত সকলৰ কাষত থিয় হৈ বিভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়াইছে ।
মৰিগাঁৱৰ যুৱক লাবুমনি আমচংৰ নেতৃত্বত পঞ্চাশ জনীয়া এটা দলে টীয়কত বাহৰ পাতি বানে বিধ্বস্ত কৰা ঘৰ দুৱাৰ সমূহ পৰিস্কাৰ কৰাৰ কামত নিয়োজিত হৈছে। দলটোৱে ৰজাবাৰীত এটা অংগনবাড়ী কেন্দ্ৰ, জগদুৱাৰত এঘৰত আৰু বনাই ৰবি বৰুৱা গাঁৱৰ মুখাশিল্পী ল'ব -কুশৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মুখা সমূহ পানীত ডুব গৈ থকাৰ পৰা উদ্ধাৰ কৰি ঘৰ দুৱাৰ সমূহো পৰিস্কাৰ কৰি দিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা