যোৰহাটত আৰক্ষী অভিযানত বাহন সহ বুজন পৰিমাণৰ ড্ৰাগছ জব্দ,এজনক আটক
যোৰহাট, ২৭ জুলাই (হি.স.)। যোৰহাট আৰু দেৰগাঁও আৰক্ষীৰ যৌথ অভিযানত যোৰহাট লাহদৈগৰৰ পৰা জব্দ কৰে এখন বাহন সহ বুজন পৰিমাণৰ ড্ৰাগছ। জাগুনৰ পৰা দেৰগাঁও বাতিপৰীয়ালৈ ড্ৰাগছ খিনি চহৰ আলি নামৰ এজন ব্যক্তিয়ে আনি থকাৰ পথত লাহদৈগৰত আৰক্ষীয়ে জব্দ কৰে বাহন সহ প্
যোৰহাটত আৰক্ষী অভিযানত বাহন সহ বুজন পৰিমাণৰ ড্ৰাগছ জব্দ,এজনক আটক


যোৰহাট, ২৭ জুলাই (হি.স.)। যোৰহাট আৰু দেৰগাঁও আৰক্ষীৰ যৌথ অভিযানত যোৰহাট লাহদৈগৰৰ পৰা জব্দ কৰে এখন বাহন সহ বুজন পৰিমাণৰ ড্ৰাগছ।

জাগুনৰ পৰা দেৰগাঁও বাতিপৰীয়ালৈ ড্ৰাগছ খিনি চহৰ আলি নামৰ এজন ব্যক্তিয়ে আনি থকাৰ পথত লাহদৈগৰত আৰক্ষীয়ে জব্দ কৰে বাহন সহ প্ৰায় ৩০০ গ্ৰাম ড্ৰাগছ।

জানিব পৰা অনুসৰি দেৰগাঁও বাতিপৰীয়াৰ কুখ্যাত ড্ৰাগছ মাফিয়া মইনা গগৈৰ পত্নী জুন গগৈৰ ঘৰলৈ আনি আছিল ড্ৰাগছ খিনি।

দেৰগাঁও বাতিপৰীয়াৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে মইনা গগৈৰ পত্নী জুন গগৈক।

জব্দ কৰা বাহন খনৰ নম্বৰ এএছ ০১ডিপি/৭০৬০।

সম্প্ৰতি যোৰহাট থানাৰ আলহী জুন গগৈ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande