লোকপিয়লৰ বাবে দৰংত ২,০১৮ গৰাকী গণনাকাৰী বিষয়াৰ লগতে ৩৪১ গৰাকী পৰ্যবেক্ষকক নিযুক্তি
দৰং, ২৭ জুলাই (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো আৰম্ভ হ''ব লোকপিয়লৰ কাম-কাজ। ১৭ আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়াসকল। এইবাৰৰ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ''ব আৰু প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে পৰিচালিত হ''ব। লোকপিয়ল স
লোকপিয়লৰ বাবে দৰংত ২,০১৮ গৰাকী গণনাকাৰী বিষয়াৰ লগতে ৩৪১ গৰাকী পৰ্যবেক্ষকক নিযুক্তি


দৰং, ২৭ জুলাই (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো আৰম্ভ হ'ব লোকপিয়লৰ কাম-কাজ। ১৭ আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়াসকল।

এইবাৰৰ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে পৰিচালিত হ'ব।

লোকপিয়ল সফলভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে দৰং জিলাত ২,০১৮ গৰাকী গণনাকাৰী বিষয়াৰ লগতে ৩৪১ গৰাকী পৰ্যবেক্ষকক নিযুক্তি দিয়া হৈছে।জিলা খনৰ বাসিন্দা সকলক লোক পিয়লৰ বাবে যাব লগীয়া গণনাকাৰী বিষয়া সকলৰ সৈতে সহযোগিতা কৰিবলৈ জিলা প্ৰশাসনে অনুৰোধ জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande