
গোলাঘাট, ২৭ জুলাই (হি.স.)। গোলাঘাট চিকিৎসালয়ৰ কাৰাবন্দী ৰখা কক্ষৰ পৰা তিনি কয়দী পলোৱা ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা তিনি আৰক্ষী জোৱানৰ লগতে এজনক তিনিদিনৰ আৰক্ষীৰ জিম্মাত দিছে ন্যায়ালয়ে। পলায়ন কৰা ত্ৰিপল মাৰ্ডাৰৰ মুল অভিযুক্ত নজিবুৰ ৰহমানৰ ভাতৃ হিজবুৰ ৰহমান,আৰক্ষী কনিষ্টবল বীৰেন্দ্ৰ নাথ বৰা আৰু দুই গৃহৰক্ষী জোৱান ডিকু শইকীয়া আৰু কৃষ্ণ কান্ত দাসক মাৰাথন জেৰা চলাইছে এতিয়া গোলাঘাট আৰক্ষী থানাত।
নজিবুৰ ৰহমান,ৰূপম কলিতা আৰু অজয় গোৱালা চিকিৎসালয়ৰ পৰা পলোৱাত এই তিনি আৰক্ষী জোৱানে সহায় কৰাৰ সন্দেহ গোলাঘাট আৰক্ষীৰ। ইফালে বৰ্তমানলৈকে পলায়ন কৰা তিনি কয়দীৰ সন্ধান উলিওৱাত ব্যৰ্থ গোলাঘাট আৰক্ষী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা