আৰ্তজনক সহায়ৰ বাবে শিৱসাগৰত সাহায্য় সামগ্ৰী সহ উপস্থিত বকো-ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছ
শিৱসাগৰ, ২৭ জুলাই (হি.স.)। বানে ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে শিৱসাগৰত। বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বানাক্ৰান্তক সহায়-সহযোগিতা আগবঢ়াইছে বিভিন্ন জনে। এনে সময়তে বকো-ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছৰ তৎপৰতাত বিজেপি দলৰ সহিতে অসম গণ পৰিষদ আৰু ৰ
আৰ্তজনক সহায়ৰ বাবে শিৱসাগৰত সাহায্য় সামগ্ৰী সহ উপস্থিত বকো-ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছ


শিৱসাগৰ, ২৭ জুলাই (হি.স.)। বানে ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে শিৱসাগৰত। বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বানাক্ৰান্তক সহায়-সহযোগিতা আগবঢ়াইছে বিভিন্ন জনে। এনে সময়তে বকো-ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছৰ তৎপৰতাত বিজেপি দলৰ সহিতে অসম গণ পৰিষদ আৰু ৰাভা হাছং যৌথ মঞ্চৰ সহযোগত বান সাহাৰ্য প্ৰদান কৰিবলৈ শিৱসাগৰত উপস্থিত হৈছে বিধায়ক ৰাজু মেছ।

বকো মণ্ডল বিজেপিৰ সভাপতি হিৰণ্য নাথ সহিতে এটা দল। দুখন ট্ৰাকেৰে খাদ্য সামগ্ৰী, বিভিন্ন নিত্য প্ৰয়োজনীয় সামগ্ৰীলৈ শিৱসাগৰত উপস্থিত হৈছে বিধায়ক ৰাজু মেছ। আজি আনুষ্ঠানিকভাৱে এই সাহাৰ্য প্ৰদান কৰিব বিধায়ক গৰাকীয়ে। আনহাতে বকোৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন বগাইৰ সভাপতি অৰ্জুন চেত্ৰী সহিতে এটি দলেও এখন ট্ৰাকেৰে প্ৰয়োজনীয় খাদ্য সামগ্ৰী লৈ উপস্থিত হৈছে শিৱসাগৰত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande