
নগাঁও, ২৭ জুলাই (হি.স.)। উজনী অসমৰ বানবিধ্বস্ত অঞ্চল সমূহৰ ৰাইজে সন্মুখীন হোৱা দুৰ্দশাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি, বটদ্ৰৱা ভোমোৰাগুৰি লালুং গাঁৱৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছিক মেডিকেল এণ্ড পলিক্লিনিক আৰু আছিক হাৰ্ডৱেৰ-ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ১০,০০০ (দহ হাজাৰ) টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে।
আজি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ হাতত মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ আগবঢ়োৱা অনুদানৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে আছিক মেডিকেল এণ্ড পলিক্লিনিক আৰু আছিক হাৰ্ডৱেৰ-ৰ স্বতাধিকাৰী আছিক হুছেইনে। এই সাহায্য প্ৰদান কৰি তেওঁ মোৰ এই সামান্য অৰিহণাই যদি বানাক্ৰান্ত কোনোবা পৰিয়ালৰ মুখত এটুপি পানী আৰু অকণমান অন্ন যোগান ধৰাত সামান্য হ'লেও সহায়ক হয়, তেন্তে সেয়াই মোৰ বাবে পৰম সৌভাগ্যৰ বিষয়। সৰ্বশক্তিমানৰ ওচৰত মোৰ আন্তৰিক প্ৰাৰ্থনা—এই ভয়ংকৰ দুৰ্যোগৰ যেন অতি সোনকালে অৱসান ঘটে বুলি প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা