
–ত্ৰিপুৰা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আৰু ড° ভুপেন হাজৰিকাৰ নামত দুখন আসন প্ৰতিষ্ঠাৰ দাবী
–ব্ৰহ্মপুত্ৰ আৰু গোমতী কেৱল দুখন নদী নহয় - ড॰ বসন্তকুমাৰ গোস্বামী
শোণিতপুৰ, ২৭ জুলাই (হি.স.)। ব্ৰহ্মপুত্ৰ আৰু গোমতী এই দুয়োখন নদী কেৱল জলধাৰাই নহয়, উত্তৰ-পূব ভাৰতৰ ইতিহাস, সভ্যতা আৰু সংস্কৃতিৰ দুটা জীৱন্ত ধমনী ৷ এই নদী দুয়োটাৰ উপত্যকাত বাস কৰা জনসাধাৰণে যুগে যুগে পাৰস্পৰিক সম্পৰ্ক, আদান-প্ৰদান আৰু সহাৱস্থানৰ এক সমৃদ্ধ ঐতিহ্য গঢ়ি তুলিছে ৷ আধুনিক ৰাজ্যসীমা নিৰ্ধাৰণৰ বহু শতাব্দী আগতেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসম আৰু গোমতী উপত্যকাৰ ত্ৰিপুৰা এক সাংস্কৃতিক আৰু অৰ্থনৈতিক সংযোগসূত্ৰত আৱদ্ধ আছিল।– এই মন্তব্য় অসম সাহিত্য সভাৰ সভাপতি ড॰ বসন্তকুমাৰ গোস্বামীৰ। আজি ত্ৰিপুৰা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আলোচনা চক্ৰত অসম সাহিত্য সভাৰ সভাপতি ড॰ বসন্তকুমাৰ গোস্বামীয়ে এইদৰে বক্তব্য আগবঢ়ায় ৷
ড° বসন্তকুমাৰ গোস্বামীয়ে ভাষণ প্ৰসংগত পুনৰ কয়— “ঐতিহাসিকভাবে ব্ৰহ্মপুত্ৰ, বৰাক-সুৰমা আৰু গোমতী উপত্যকাৰ মাজেৰে বিস্তৃত স্থলপথ আৰু নদীপথে ব্যবসায়, তীৰ্থযাত্ৰা, জ্ঞানচৰ্চা আৰু সাংস্কৃতিক বিনিময়ৰ দুৱাৰ মুকলি কৰিছিল ৷ চাউল, কপাহ, ৰেচম, বনজ সম্পদ, হাতী, বাঁহ-বেতৰ সামগ্ৰী, হস্তশিল্প আৰু অন্যান্য সামগ্ৰীৰ বাণিজ্যই এই অঞ্চলসমূহৰ মাজত এক শক্তিশালী অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তুলিছিল ৷ আহোম স্বৰ্গদেউসকল, ত্ৰিপুৰাৰ মাণিক্য ৰজাসকল আৰু কাষৰীয়া ৰাজ্যসমূহৰ মাজত কূটনৈতিক যোগাযোগ আৰু পাৰস্পৰিক সহযোগিতাৰ ইতিহাস এই সম্পৰ্কক অধিক দৃঢ় কৰি তুলিছিল ৷ এই সংযোগৰ আন এক গুৰুত্বপূৰ্ণ ভিত্তি আছিল সাংস্কৃতিক ঐক্য ৷ বৈষ্ণৱ ধৰ্ম, শৈৱ পৰম্পৰা, বৌদ্ধ দৰ্শন আৰু বিভিন্ন জনজাতীয় আধ্যাত্মিক বিশ্বাসে দুয়োটা উপত্যকাৰ মাজত এক সেতুবন্ধন ৰচনা কৰিছিল ৷ সাধু-সন্ত, ভিক্ষু, শিল্পী, সংগীতজ্ঞ আৰু সাহিত্যিকসকলৰ অহা-যোৱাই এই অঞ্চলসমূহৰ লোকসংগীত, নৃত্য, লোককথা, বয়নশিল্প আৰু উৎসৱ-পাৰ্বণক সমৃদ্ধ কৰিছিল ৷“
আজি পুৱা ১০-৩০ বজাত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ আৰু অসম এচ’ছিয়েচন, ত্ৰিপুৰাৰ শিল্পীসকলৰ দ্বাৰা “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক গীতেৰে আৰম্ভ কৰা অনুষ্ঠানটো উদ্বোধন কৰে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক দেৱব্ৰত দাসে ৷ উদ্বোধনী ভাষণত অধ্যাপক দাসে কয় —অসম সাহিত্য সভা ত্ৰিপুৰালৈ আহি প্ৰতিবেশী চুবুৰীয়া ৰাজ্য হিচাপে অসম আৰু ত্ৰিপুৰাৰ মাজত ঐক্য বন্ধনৰ বাবে যি ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়া আদৰণীয় আৰু প্ৰশংসনীয় ৷ ত্ৰিপুৰা বাসীয়ে এইয়া সদায়ে মনত ৰাখিব ৷“ অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মাই আঁত ধৰা সত্ৰখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক ধীৰেন্দ্ৰ নাথ শৰ্মাই ৷ সমল ব্যক্তিৰ ভাষণত শৰ্মাই অসমৰ ঐতিহাসিক দৃশ্যপট আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাসিন্দাসকলৰ কাম-কাজৰ লগতে বৌদ্ধিক আৰু বিদ্যায়তনিক দিশসমূহৰ ওপৰত আলোকপাত কৰে ৷
ত্ৰিপুৰাৰ পৰা প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়া মতে— অসম সাহিত্য সভাৰ এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ যোগেদি দুয়োখন ৰাজ্যৰ মাজত এটা বৌদ্ধিক, বিদ্যায়তনিক সমন্বয়-সদ্ভাৱ বৃদ্ধি কৰাৰ অৰ্থে এক প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে ৷ সাহিত্য সভাই আজি ত্ৰিপুৰা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আৰু ড° ভুপেন হাজৰিকাৰ নামত দুখন আসন প্ৰতিষ্ঠাৰ বাবে ৰাজহুৱাকৈ এটি প্ৰস্তাৱ আগবঢ়ায় বুলি উল্লেখ কৰে ৷ এই প্ৰসংগত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য দেৱব্ৰত দাসে যথাযোগ্যভাৱে বিষয়টোৰ ক্ষেত্ৰত বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷
আজিৰ এই অনুষ্ঠানত অসম সাহিত্য সভাৰ হৈ উপসভাপতি পদুম ৰাজখোৱা, ৰমেন ভৰালী, স্বৰ্গজ্যোতি চেতিয়া, ড॰ পৰাগ কুমাৰ বৰুৱা, মোহন মৰাণৰ লগতে বিশ্ববিদ্যালয়ৰ ৪৮ টা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল, অধ্যাপক-অধ্যাপিকাসকল আৰু গৱেষকসকলো উপস্থিত থাকে৷
ইফালে আজি সন্ধিয়া ৫ বজাৰ পৰা আগৰতলা প্ৰেছ ক্লাৱত ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এক সাংস্কৃতিক কাৰ্যসূচীও আৰম্ভ হৈছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ