চুৰি কৰি অনা এম্বুলেন্সে মহতিয়ালে বিদ্যুতৰ খুটা
শোণিতপুৰ, ২৭ জুলাই (হি.স.)। চোৰে এইবাৰ হাত দিলে চৰকাৰী এম্বুলেন্স ত৷ চুৰি কৰি অনা এম্বুলেন্সে মহতিয়ালে বিদ্যুতৰ খুটা৷ নিশা সংঘটিত হয় এই দূৰ্ঘটনাটো। ৩ জন যুৱকে এম্বুলেঞ্চখন চুৰি কৰি আনি দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। স
চুৰি কৰি অনা এম্বুলেন্সে মহতিয়ালে বিদ্যুতৰ খুটা


শোণিতপুৰ, ২৭ জুলাই (হি.স.)। চোৰে এইবাৰ হাত দিলে চৰকাৰী এম্বুলেন্স ত৷ চুৰি কৰি অনা এম্বুলেন্সে মহতিয়ালে বিদ্যুতৰ খুটা৷ নিশা সংঘটিত হয় এই দূৰ্ঘটনাটো। ৩ জন যুৱকে এম্বুলেঞ্চখন চুৰি কৰি আনি দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

সুৰাৰ ৰাগীত মাতাল হৈ আছিল যুৱক কেইজন। এম্বুলেঞ্চখনৰ নম্বৰ এ এছ ২৫ চি চি ৭৪৪ ।

এম্বুলেঞ্চখনত নাছিল চাবি। চাবি নোহোৱাকৈ বৈদ্যুতিক তাৰ যোৰা লগাই ষ্টাৰ্ট কৰিছিল এম্বুলেঞ্চখন। কি উদ্দেশ্যে এম্বুলেঞ্চখন চুৰি কৰিছিল সেয়া আৰক্ষীৰ অনুসন্ধানত জানিব পৰা যাব।

ৰাইজে ৩ জন যুৱকক আটক কৰি আৰক্ষীক চমজাই দিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande