উত্তৰ শালমাৰাত ৰাজপথৰ মাজভাগত দপদপাই জ্বলি উঠিল তেলৰ টেংকাৰ
উত্তৰ শালমাৰাত ৰাজপথৰ মাজভাগত দপদপাই জ্বলি উঠে তেলৰ এখন টেংকাৰ।
উত্তৰ শালমাৰাত ৰাজপথৰ মাজভাগত দপদপাই জ্বলি উঠিল তেলৰ টেংকাৰ


বঙাইগাঁও, ২৬ জুলাই (হি.স.): বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত ৰাজপথৰ মাজভাগত দপদপাই যোৱা কালি শনিবাৰে বিয়লি জ্বলি উঠে তেলৰ এখন টেংকাৰ । অগ্নিকাণ্ড সংঘটিত হোৱা টেংকাৰৰ নম্বৰ এএছ ১৭ চি ৮০৯৭ বুলি জনা গৈছে।

ৰাজপথৰ মাজভাগত জুই লগাত পথৰ দুয়োপাৰে আৱদ্ধ শশ বাহন । অভয়াপুৰী, বঙাইগাঁৱৰ পৰা অহা ৪ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই৷ ইফালে টেংকাৰখনৰ চালক পলাতক বুলি জানিব পৰা গৈছে ৷ কি কাৰণত ৰাজপথৰ মাজভাগত টেংকাৰখনত জুই জ্বলিল সেয়া জানিব পৰা হোৱা নাই ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande