প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ কাৰ্গিল যুদ্ধৰ বীৰসকলক শ্ৰদ্ধাঞ্জলি, শৌৰ্য্য সন্ধ্যা অনুষ্ঠানত অংশগ্ৰহণ
দ্ৰাছ, ২৬ জুলাই (হি.স.)। ৰাষ্ট্ৰৰ সেৱাত প্ৰাণ আহুতি দিয়া কাৰ্গিল যুদ্ধৰ বীৰসকলক শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ সৈনিকসকলৰ সাহস, বীৰত্ব আৰু অটল সমৰ্পণক প্ৰণিপাত জনায়। বিষয়াসকলৰ মতে, প্ৰতিৰক্ষা মন্ত্ৰী
विजय दिवस समारोह के अवसर पर रक्षा मंत्री राजनाथ सिंह ने 1999 के ‘कारगिल युद्ध’ के नायकों को दी श्रद्धांजलि, शौर्य संध्या कार्यक्रम में हुए शामिल


দ্ৰাছ, ২৬ জুলাই (হি.স.)। ৰাষ্ট্ৰৰ সেৱাত প্ৰাণ আহুতি দিয়া কাৰ্গিল যুদ্ধৰ বীৰসকলক শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ সৈনিকসকলৰ সাহস, বীৰত্ব আৰু অটল সমৰ্পণক প্ৰণিপাত জনায়।

বিষয়াসকলৰ মতে, প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত মাল্যাৰ্পণ কৰাৰ লগতে শ্বহীদ জোৱানসকলৰ বীৰত্ব আৰু পৰম ত্যাগৰ প্ৰতি সন্মান জনায়।

এই গৰিমাময় অনুষ্ঠানত জ্যেষ্ঠ অসামৰিক আৰু সামৰিক বিষয়াসকলে অংশগ্ৰহণ কৰে । পৰৱৰ্তী সময়ত কাৰ্গিল বিজয় দিৱস উদযাপনৰ অংশ হিচাপে আয়োজন কৰা শৌৰ্য্য সন্ধ্যা অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থকা সেনাবাহিনীৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, কাৰ্গিল যুদ্ধ স্মৃতিসৌধ আমাৰ জোৱানসকলৰ সাহস আৰু ত্যাগৰ স্থায়ী প্ৰতীক। প্ৰতি বছৰে এই অনুষ্ঠানে এই সাহসী সৈনিকসকলে যি মূল্যবোধৰ বাবে প্ৰাণ দিছিল, সেই মূল্যবোধক ৰক্ষা কৰাৰ সংকল্পক নবীকৰণ কৰে।

স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰা এজন কাৰ্গিল শ্বহীদৰ পৰিয়ালৰ এজন সদস্যই কয় যে, দেশখনে আমাৰ আপোনজনক ইমান সন্মান আৰু মৰ্যাদাৰে স্মৰণ কৰা দেখি আমাক শক্তি প্ৰদান কৰে। তেওঁলোকৰ ত্যাগ পাহৰা হোৱা নাই, আৰু সেয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয়।

এই অনুষ্ঠানত লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ বিনয় কুমাৰ ছাক্সেনা, সেনা প্ৰধান জেনেৰেল ধীৰাজ ছেঠ, উত্তৰ সেনা সেনাধ্যক্ষ লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মা, ১৪ কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং,কে ধৰি সেনাবাহিনীৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

কাৰ্গিল বিজয় দিৱসৰ স্মৃতিত আয়োজন কৰা অন্যতম প্ৰধান অনুষ্ঠান হৈছে শৌৰ্য্য সন্ধ্যা। ই ১৯৯৯ চনৰ কাৰ্গিল সংঘাতত ভাৰতৰ বিজয়ৰ স্মৃতিত আৰু সশস্ত্ৰ বাহিনীৰ সাহস, বীৰত্ব আৰু ত্যাগক সন্মান জনায়।

------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande