






–বৰ্ণাঢ্য কাৰ্যসূচীৰে মুখৰিত মহাবিদ্যালয় প্ৰাংগন
–অৱসৰপ্ৰাপ্ত অধ্যাপক -অধ্যাপিকা আৰু কৰ্মচাৰীক বিশেষ সন্মান প্ৰদান
–প্ৰাক্তন ছাত্ৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ অশোক কুমাৰ বৰাক বিশেষ সম্বৰ্ধনা জ্ঞাপন
–নিউজ লেটাৰ উন্মোচন
–প্ৰাক্তন ছাত্ৰ বিধায়কক পৃথ্বিৰাজ ৰাভা আৰু ঋতুবৰণ শৰ্মাৰ স্মৃতি ৰোমন্থন
–মেধাৱী শিক্ষাৰ্থীক ১৩ টাকৈ ন্যাসৰ নগদ ধনৰ শৈক্ষিক বঁটা প্ৰদান
–স্নাতকত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা বহু কেইগৰাকী শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন
শোণিতপুৰ, ২৬ জুলাই (হি.স.)। আন্ত:গাঁথনিৰ লগতে বিদ্যায়তনিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত সমগ্ৰ ৰাজ্যখনৰে অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান হিচাপে অসমৰ বৌদ্ধিক দিশত সমাদৃত হোৱা ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে একেটা দিনতে আজি মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱাৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মুখৰিত হৈ পৰে মহাবিদ্যালয় খনৰ চৌহদ । পুৱা এক পবিত্ৰ পৰিৱেশত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়াই মহাবিদ্যালয়ৰ আৰু প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সংস্থাৰ উপ সভাপতি নৃপেন কুমাৰ বৰাই প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ পতাকা উত্তোলন কৰে। অনুষ্ঠানত প্ৰতিষ্ঠা লগ্নৰ কাণ্ডাৰী সকলৰ স্মৃতি তৰ্পণ কাৰ্যসূচীত মহাবিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ খগেশ্বৰ বৰকাকতিয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছত মহাবিদ্যালয়খনৰ চৌহদত প্ৰকৃতিপ্ৰেমী অধ্যাপক তথা উদ্ৰোপণৰ স্ৰষ্টা হৰেন্দ্ৰ নাথ মৰাঙৰ জৰিয়তে দুটাকৈ চাম কঠালৰ পুলি ৰোপণ কৰে মহাবিদ্যালয়খনৰ ৯০ উৰ্ধৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হিৰণ্য ভূঞা আৰু অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ স্বাধীনতা মহন্তই ।
ইয়াৰ পিছতেই মহাবিদ্যালয়খনৰ এন ই চি সভাগৃহত অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচী । প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্হাৰ কৰ্ণধাৰ সমিতিৰ সদস্য পংকজ বৰুৱাই আঁত ধৰা মূল অনুষ্ঠানটি আৰম্ভ হয় অৱসৰপ্ৰাপ্ত অধ্যাপিকা মিনু দেৱীৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে। উল্লেখ্য যে বি এ জুৱেল এমং মেন শীৰ্ষক মহাবিদ্যালয়খনৰ শীৰ্ষ গীত একাংশ শিক্ষাৰ্থীয়ে পৰিৱেশন কৰাৰ লগতে বানপানীত মৃত্যুক আঁকোৱালি লোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে আৰম্ভ হয়া মূল অনুষ্ঠানটি। অনুষ্ঠানত আদৰণী ভাষণ আগবঢ়াই অধ্যক্ষ ড০ পলাশমণি শইকীয়াই ১৯৪৫ চনৰ ২৬ জুলাইত গঢ়ি উঠা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা লগ্নৰ কাণ্ডাৰী আৰু প্ৰয়াত শিক্ষক -কৰ্মচাৰী সকলক স্মৰণ কৰি মহাবিদ্যালয়খনৰ আন্ত:গাঁথনিৰ লগতে শৈক্ষিক উৎকৰ্ষতাৰ বিভিন্ন দিশ সদৰি কৰে।
আনহাতে অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা প্ৰাক্তন ছাত্ৰ তথা তেজপুৰ আৰু বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক ক্ৰমে পৃথ্বিৰাজ ৰাভা আৰু ঋতুবৰণ শৰ্মাই চমু ভাষণ আগবঢ়োৱাৰ পিছতেই মহাবিদ্যালয় কৰ্তৃপক্ষই অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলক একোখনকৈ গামোচা আৰু স্মাৰকেৰে সন্মান জনাই আশীৰ্বাদ গ্ৰহণ কৰে । আনহাতে মহাবিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থীয়ে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচীতে বিগত সময়ত বিদ্যায়তনিক আৰু বৌদ্ধিক-সামাজিক ক্ষেত্ৰত কৃতিত্ব প্ৰদৰ্শন কৰা প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ অশোক কুমাৰ বৰাক এখন সম্বৰ্ধনা পত্ৰ, গামোচা, চেলেং, স্মাৰক, গ্ৰন্থৰ টোপোলা আৰু শৰাইৰে মহাবিদ্যালয় কৰ্তৃপক্ষই উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ।
সম্বৰ্ধনা গ্ৰহণ কৰি উপাচাৰ্য ড০ বৰাই আন অতিথি সকলৰ সৈতে মহাবিদ্যালয়খনৰ নিউজ লেটাৰখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি আগবঢ়োৱা ভাষণত এসময়ত গুণগত শিক্ষা প্ৰদান কৰা প্ৰাত:স্মৰণীয় শিক্ষাগুৰু সকলৰ স্মৃতিচাৰণ কৰি শিক্ষাৰ্থী সকলক শিপাক পাহৰি নেযাবলৈ আহ্বান জনাই সদায় জাতীয় কৃষ্টি -সংস্কৃতি আৰু ভাষা-সাহিত্যৰ প্ৰতি সচেষ্ট হোৱা উচিত বুলি কয়। আনহাতে আজিৰ এই অনুষ্ঠানতে মহাবিদ্যালয়খনৰ মেধাৱী শিক্ষাৰ্থী সকলক ১৩ টাকৈ ন্যাসৰ শৈক্ষিক বঁটা প্ৰদান কৰা হয়। জ্যেষ্ঠ সহায়ক অচ্যুত শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত কলা, বিজ্ঞান আৰু বাণিজ্যৰ শ্ৰেষ্ঠ স্নাতক, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা শিক্ষাৰ্থীৰ উপৰি সদ্য ঘোষিত স্নাতক চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা কেবাগৰাকীও শিক্ষাৰ্থীৰ উপৰি ক্ৰীড়া প্ৰতিযোগিতাত ৰাজ্যিক পৰ্য্যায়ত সুনাম অৰ্জন কৰা কেবাগৰাকীও শিক্ষাৰ্থীক মানপত্ৰ, স্মাৰক, বঁটা আৰু নগদ ধনেৰে উদ্বুদ্ধ কৰে।
এই বিশেষ কাৰ্যসূচীত ২০২৫ বৰ্ষৰ কলা বিভাগৰ শ্ৰেষ্ঠ স্নাতক হিয়ামণি বৈশ্য , বিজ্ঞান বিভাগৰ শ্ৰেষ্ঠ স্নাতক মৃগাক্ষী মহন্ত আৰু বাণিজ্য বিভাগৰ শ্ৰেষ্ঠ স্নাতক তৃষ্ণা মণ্ডলক বাগাৰীয়া ফাউণ্ডেশ্যন ন্যাসৰ (Bagaria Scholar Award)তৰফৰ পৰা নগদ ধনেৰে পুৰস্কৃত কৰাৰ লগতে গণিত প্ৰধান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ৰাণী ছেত্ৰী, শ্ৰেষ্ঠ বিজ্ঞান স্নাতক মৃগাক্ষী মহন্তক কে পি আগৰৱালা আৰু দিলীপ আগৰৱালা নগদ ধনৰ শৈক্ষিক বঁটা প্ৰদান কৰাৰ উপৰি বেংগলী প্ৰধান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ৰিম্পি দত্তক অজয় বসু সোঁৱৰণী নগদ ধনৰ বঁটা ,মৃগাক্ষী মহন্ত আৰু অংকিত কুমাৰ ঝাক বিজ্ঞানৰ শ্ৰেষ্ঠ স্নাতক আৰু উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে চন্দ্ৰকান্ত ভট্টাচাৰ্য্য সোঁৱৰণী নগদ ধনৰ শৈক্ষিক বঁটা, অংকিত কুমাৰ ঝাক উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে মাধুৰী কলিতা সোঁৱৰণী নগদ ধনৰ শৈক্ষিক বঁটা, তৃষ্ণা মণ্ডল , ধনমণি চোৰেন আৰু লক্ষ্যজ্যোতি বাঢ়ৈক গোপাল শৰ্মা সোঁৱৰণী বঁটা , গৌৰৱ আদিত্য নাথক ৰামেশ্বৰী দেৱী আৰু অনিলা শৰ্মা সোঁৱৰণী বঁটা , শ্ৰেষ্ঠ বাণিজ্য স্নাতকৰ বাবে তৃষ্ণা মণ্ডলক টংকেশ্বৰ ভট্টাচাৰ্য্য সোঁৱৰণী বঁটা ,পদাৰ্থ বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে দ্বিপ শিখা পাটোৱাৰীক ড০ দেবেন্দ্ৰ কুমাৰ চৌধুৰী সোঁৱৰণী বঁটা ,২০২৫ বৰ্ষৰ অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ ছাত্ৰী দিম্পী বৰাক কামাখ্যা প্ৰসাদ ত্ৰিপাঠী সোঁৱৰণী বঁটা , গণিত বিষয়ৰ শ্ৰেষ্ঠ স্নাতকৰ বাবে ৰাণী ছেত্ৰীক মনোৰঞ্জন বেনাৰ্জী সোঁৱৰণী নগদ ধনৰ বঁটা আৰু কলা বিভাগৰ শ্ৰেষ্ঠ স্নাতক হিচাপে হিয়ামণি বৈশ্যক অধ্যাপক প্ৰফুল্ল চন্দ্ৰ মহন্ত সোঁৱৰণী নগদ ধনৰ শৈক্ষিক বঁটাৰে বিভূষিত কৰা হয় ।
উল্লেখ্য যে আজি মহাবিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থীৰ লোক বাদ্যৰ এটি আকৰ্ষণীয় অনুষ্ঠানেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সমাপ্ত হয় ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ