মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ পঞ্চাশ লাখ টকা প্ৰদানৰ সিদ্ধান্ত
মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ পঞ্চাশ লাখ টকা প্ৰদানৰ সিদ্ধান্ত ।
মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ পঞ্চাশ লাখ টকা প্ৰদানৰ সিদ্ধান্ত


বাক্সা, ২৬ জুলাই (হি.স.): মুখ্যমন্ত্ৰী সাহাৰ্য্য পুজিলৈ বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ পঞ্চাশ লাখ টকা প্ৰদানৰ সিদ্ধান্ত লৈছে । উজনিৰ বান পীড়িতৰ সহায়ৰ বাবে এই ধন প্ৰদান কৰিব হাগ্ৰামা মহিলাৰীয়ে । বাক্সা জিলাৰ মুছলপুৰত যোৱা কালি শনিবাৰে বিয়লি বিপিএফ দলৰ নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

বাক্সা জিলাৰ মুছলপুৰস্থ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় বিপিএফ দলৰ নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠক । বৈঠকত উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, ডেপুটী চীফ ৰিহন দৈমাৰী, মন্ত্ৰী চৰন বড়োৰ লগতে আন কেবাগৰাকীও দলীয় নেতাসকল । ইফালে শ্ৰীৰামপুৰ গেটৰ টোল কৰ সংগ্ৰহৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নত স্বভাৱসুলভ ধেমেলীয়া ভংগীৰে উত্তৰ দিয়াৰ পৰা বিৰত থাকে বিটিচি চীফ হাগ্ৰামা মহিলাৰী । উজনি অসমৰ বানাক্ৰান্ত জিলাকেইখনৰ অৱস্থাক লৈ চিন্তা ব্যক্ত কৰে হাগ্ৰামা মহিলাৰীয়ে । আগতে এনে বান পৰিস্থিতি কাহানিও দেখা নাই বুলিও মন্তব্য আগবঢ়ায় হাগ্ৰামা মহিলাৰীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande