
গুৱাহাটী, ২৬ জুলাই (হি.স.)। অসমৰ বানপানীৰ পানী লাহে লাহে কমি অহাৰ বিপৰীতে উজনি অসমত পৰিস্থিতি অত্যন্ত সংকটজনক হৈয়ে আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই যোৱা ২৫ জুলাইত প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত আৰু চাৰিজন লোকৰ মৃত্যু হোৱাত বানত মুঠ মৃত্যুৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি পাইছে ।
শনিবাৰে নিশা অনুষ্ঠিত অসম কেবিনেট বৈঠকত বান সাহায্য অভিযান ক্ষিপ্ৰতাৰে কৰাৰ লগতে ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ সিদ্ধান্ত লোৱা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশনাত যুদ্ধৰ ভিত্তিত সকলো ব্যৱস্থা ৰূপায়ণ কৰা হৈছে ৷ ৰাজ্যৰ মন্ত্ৰী আৰু বিধায়কসকলে নিৰন্তৰভাৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰিদৰ্শন কৰি সাহায্য প্ৰচেষ্টাৰ ওপৰত নজৰ ৰাখিছে ।
বৰ্তমান গোলাঘাট, চৰাইদেউ, কামৰূপ, হোজাই, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, শোণিতপুৰ, কামৰূপ (মেট্ৰ'), আৰু নগাঁওকে ধৰি মুঠ ১০ খন জিলা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। সমগ্ৰ ১০ খন জিলাৰ ২৮ টা ৰাজহ বিভাগৰ মুঠ ৮১০ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে । ৰাজ্যৰ মুঠ ৬,৫৪,৮৩৮ জন লোক বানপানীত আক্ৰান্ত হোৱাৰ লগতে ৩৪,৯৭০.৮ হেক্টৰ কৃষিভূমি ডুব গৈছে।
ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্তসকলৰ বাবে ৯০টা সাহায্য শিবিৰ আৰু ১৮৪টা সাহায্য বিতৰণ কেন্দ্ৰকে ধৰি ২৭৪টা শিবিৰ স্থাপন কৰিছে । বৰ্ণাত্য়সকলৰ ১৮,৯০২ জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ থকাৰ বিপৰীতে ১২৩,১১৪ জন অশিবিৰ বাসিন্দাই সাহায্য বিতৰণ কেন্দ্ৰত সাহায্য লাভ কৰি আছে।
আনহাতে ২৫ জুলাইত বানপানীৰ পৰা উদ্ধাৰ কৰা হয় চাৰিটা মৃতদেহৰ । ইয়াৰৰে এটা চৰাইদেউতা আৰু শিৱসাগৰত তিনিটা মৃতদেহ পোৱা যায় । বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মুঠ জীৱ-জন্তুৰ সংখ্যা ৪,৫৪,০৭১, য’ত ৯৩,৭৫১টা ডাঙৰ জীৱ-জন্তু, ৫৭,৮৯৭টা সৰু প্ৰাণী, আৰু ৩০২,৪২৩টা হাঁহ-কুকুৰাৰ জীৱ-জন্তু আছে । চৰাইদেউ জিলাৰ ৩০১৬টা আৰু যোৰহাট জিলাৰ ৫টাকে ধৰি মুঠ ৩,০২১টা জীৱ-জন্তু বাঢ়নী পানীয়ে উটুৱাই লৈ যায়।
এছডিআৰএফ, ডিডিআৰএফ, এনডিআৰএফ, আৰক্ষী, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা (এফ এণ্ড ই এছ), চক্ৰ কাৰ্যালয়/স্থানীয় প্ৰশাসন, অসামৰিক প্ৰতিৰক্ষা/প্ৰশিক্ষিত স্বেচ্ছাসেৱক, আৰু অগ্নিনিৰ্বাপক বিভাগে বান সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে ।
ইফালে ৰাজ্য চৰকাৰে বানাক্ৰান্ত অঞ্চলত মুঠ ২১০টা চিকিৎসা দল মোতায়েন কৰে । ৫৫ খন নাৱো সাহায্য অভিযানত নিয়োজিত হৈছিল। বানপানীৰ পানীত আবদ্ধ হৈ থকা ১৩ জন লোকক নাৱেৰে উদ্ধাৰ কৰাৰ বিপৰীতে নাৱেৰে ২২ টা জীৱ-জন্তুও উদ্ধাৰ কৰে।
ৰাজ্য চৰকাৰে চাউল (কুইণ্টলত): ১৬৬৮.৬৮২, দালি (কুইণ্টলত): ২৮৬.৯৮৫, নিমখ (কুইণ্টলত): ৮৩.৭৫৪৫, সৰিয়হৰ তেল (লিটাৰত): ৭৯৯৫.০১, গৰু খাদ্য - ঘেঁহুৰ চাপৰ (কুইণ্টলত): ১,৩২,৫৪.৮৩১ আৰু ধানৰ মল (কুইণ্টলত): ৫.৮৪ গৰু-ম’হৰ খাদ্যকে ধৰি সাহায্য সামগ্ৰী বানপীড়িত লোকৰ ভিতৰত বিতৰণ কৰে ।
বানপানীৰ ফলত পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে। এই সন্দৰ্ভত চৰকাৰে ধাৰাবাহিকভাৱে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি আছে । বানাক্ৰান্ত যোৰহাট জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সাংসদ, বিধায়ক আৰু জিলা পৰ্যায়ৰ বিষয়াৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ বুজ লয় ।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ