তিনিচুকীয়া জিলাৰ জাগুন লাকলাস্থিত মাউন্ট কাৰমেল বিদ্যালয়ত অনুষ্ঠিত হয় এক সম্বৰ্ধণা অনুষ্ঠান
তিনিচুকীয়া, ২৫ জুলাই (হি.স.)। তিনিচুকীয়া জিলাৰ জাগুন লাকলাস্থিত মাউন্ট কাৰমেল বিদ্যালয়ত অনুষ্ঠিত হয় এক সম্বৰ্ধণা অনুষ্ঠান।সদৌ অসম নগা কল্যাণ সমাজৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ২০২৫/২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতি
তিনিচুকীয়া জিলাৰ জাগুন লাকলাস্থিত মাউন্ট কাৰমেল বিদ্যালয়ত অনুষ্ঠিত হয় এক সম্বৰ্ধণা অনুষ্ঠান


তিনিচুকীয়া, ২৫ জুলাই (হি.স.)। তিনিচুকীয়া জিলাৰ জাগুন লাকলাস্থিত মাউন্ট কাৰমেল বিদ্যালয়ত অনুষ্ঠিত হয় এক সম্বৰ্ধণা অনুষ্ঠান।সদৌ অসম নগা কল্যাণ সমাজৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ২০২৫/২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা নাগা জনজাতিৰ টোৰ ৭০ গৰাকী কৈ ছাত্ৰ ছাত্ৰীক এখনি ফুলাম গামোচা আৰু মান পত্ৰৰে সম্বৰ্ধণা জনোৱা হয়।

সম্বৰ্ধণা অনুষ্ঠানটিত সদৌ অসম নগা কল্যান সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি,চেমা ছাত্ৰ সন্থা,টাংতা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি দ্বয় উপস্থিত থকে।ঈয়াৰ লগতে মুখ্য অতিথি হিচাবে কেইবাখনো ব্যক্তিগত বিদ্যালয়ৰ অধক্ষ্য উপস্থিত থাকে সম্বৰ্ধণা অনুষ্ঠানটিত।আজিৰ এই সম্বৰ্ধণা অনুষ্ঠানটিত বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িওৱা নাগা সমাজৰ যুৱক যুৱতীকো সম্বৰ্ধণা জনোৱা হয়। পলমকৈ অনুষ্ঠিত কৰা এই সম্বৰ্ধণা অনুষ্ঠানৰ ক্ষেত্ৰত জিলা সমিতিয়ে দোষ প্ৰকাশ কৰাৰ লগতে অনাগত দিনত নাগা সমাজৰ ছাত্ৰ ছাত্ৰীক উৎসা যোগোৱাৰ ক্ষেত্ৰত সঠিক সময়ত এই সম্বৰ্ধণা অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande