বিলাসীপাৰাত বাল্য বিবাহৰ অভিযোগত বাতিল গুটিপাৰা গাওঁ পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিৰ পদ
ধুবুৰী, ২৫ জুলাই (হি.স.)। ধুবুৰী জিলাৰ বিলাসীপাৰাত বাল্য বিবাহ কৰাৰ অভিযোগত বাতিল হৈছে গুটিপাৰা গাওঁ পঞ্চায়তৰ এগৰাকী নিৰ্বাচিত প্ৰতিনিধিৰ পদ । ধুবুৰী জিলা আয়ুক্তই খাৰিজ কৰিলে প্ৰতিনিধি গৰাকীৰ পদ । এই ঘটনাই পঞ্চায়ত খনৰ ভিতৰত চ''ৰাত তীব্ৰ চাঞ্চল্
বিলাসীপাৰাত বাল্য বিবাহৰ অভিযোগত বাতিল গুটিপাৰা গাওঁ পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিৰ পদ


ধুবুৰী, ২৫ জুলাই (হি.স.)। ধুবুৰী জিলাৰ বিলাসীপাৰাত বাল্য বিবাহ কৰাৰ অভিযোগত বাতিল হৈছে গুটিপাৰা গাওঁ পঞ্চায়তৰ এগৰাকী নিৰ্বাচিত প্ৰতিনিধিৰ পদ । ধুবুৰী জিলা আয়ুক্তই খাৰিজ কৰিলে প্ৰতিনিধি গৰাকীৰ পদ । এই ঘটনাই পঞ্চায়ত খনৰ ভিতৰত চ'ৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে, বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত ২৫ নং গুটিপাৰা গাওঁ পঞ্চায়তৰ নিৰ্বাচিত সদস্যা তথা পঞ্চায়ত খনৰ উপ সভানেত্ৰী ৰেজিনা খাতুনৰ হৈছিল বাল্য বিবাহ । পঞ্চায়ত খনৰ ৭ নং ৱাৰ্ডৰ পৰা আলী আজগৰৰ পত্নী ৰেজিনা খাতুনে নিৰ্বাচনী শপতনামাত ভুৱা তথ্য দাখিল কৰি পাৰ হৈছিল নিৰ্বাচনী বৈতৰণী । তথ্য মতে ১৬ জানুৱাৰী ২০০৩ চনত জন্ম হোৱা ৰেজিনা খাতুনে প্ৰথম সন্তানৰ জন্ম দিয়াৰ সময়ত বয়স হৈছিল ১৭ বছৰ ৫ মাহ ৬ দিন । ইয়াৰ বিৰুদ্ধে অভিযোগকাৰীয়ে ধুবুৰী জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিছিল অভিযোগ ।

অভিযোগৰ ভিত্তিত তদন্তকাৰী বিষয়া এ হালৈৰ তদন্তৰ প্ৰতিবেদনত ৰেজিনা খাতুনৰ বাল্য বিবাহ হোৱাটো নিশ্চিত কৰে । যাৰ বাবে জিলা নিৰ্বাচনী বিষয়াই অসম পঞ্চায়ত আইন উলংঘন কৰাৰ অপৰাধত DDP-38/2025/P, Date 23/7/26 নং চিঠি যোগে খাৰিজ কৰে ৰেজিনা খাতুনৰ প্ৰতিনিধিৰ পদ ।

এই ঘটনাই অঞ্চলটোত তীব্ৰ খলকনিৰ সৃষ্টি কৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande