গোৱালপাৰাত শোকাবহ ঘটনা: জিনাৰী নৈত গা ধুবলৈ গৈ যুৱকৰ সলিল সমাধি
গোৱালপাৰা, ২৫ জুলাই (হি.স.)। গোৱালপাৰাৰ পাহাৰশিং পাৰাত আজি এক অনাকাংক্ষিত আৰু শোকাবহ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, অঞ্চলটোৰ নিৱাসী মানিক চানৰ পুত্ৰ আছাদুল জিনাৰী নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে। প্ৰাপ্ত তথ্য অনুসৰি, আছাদুলে আজি দিনৰ প্ৰায় ১ বজ
গোৱালপাৰাত শোকাবহ ঘটনা: জিনাৰী নৈত গা ধুবলৈ গৈ যুৱকৰ সলিল সমাধি


গোৱালপাৰা, ২৫ জুলাই (হি.স.)। গোৱালপাৰাৰ পাহাৰশিং পাৰাত আজি এক অনাকাংক্ষিত আৰু শোকাবহ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, অঞ্চলটোৰ নিৱাসী মানিক চানৰ পুত্ৰ আছাদুল জিনাৰী নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে। প্ৰাপ্ত তথ্য অনুসৰি, আছাদুলে আজি দিনৰ প্ৰায় ১ বজাত ঘৰৰ পৰা গা ধুবলৈ বুলি ওলাই গৈছিল।

কিন্তু জিনাৰী নৈত নামি গা ধুই থকা অৱস্থাতে হঠাতে তেওঁ নৈত নিৰুদ্দেশ হয়। উক্ত খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ পাহাৰশিং পাৰা অঞ্চলটোত হুৱাদুৱা লাগে। পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে লগে লগে নৈত আছাদুলৰ বিচাৰ-খোঁচাৰ আৰম্ভ কৰে। এই ঘটনাই পৰিয়ালটোলৈ গভীৰ শোকৰ ছাঁ কঢ়িয়াই আনিছে। ঘটনা সন্দৰ্ভত স্থানীয় প্ৰশাসন আৰু উদ্ধাৰকাৰী দলক খবৰ দিয়া হৈছে। বৰ্তমান এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande