নাজিৰাত দিখৌ বলিয়া বানে নিঃশেষ কৰি পেলালে এখন গাওঁ
নাজিৰাত দিখৌ বলিয়া বানে নিঃশেষ কৰি পেলালে এখন গাওঁ।
নাজিৰাত দিখৌ বলিয়া বানে নিঃশেষ কৰি পেলালে এখন গাওঁ


শিৱসাগৰ ২৫ জুলাই (হি.স.): শিৱসাগৰত নাজিৰাত দিখৌ বলিয়া বানে নিঃশেষ কৰি পেলালে এখন গাওঁ। বহু কেইটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ ধ্বংস কৰিলে দিখৌৰ এই বানে। নাজিৰাৰ সুন্দৰ পুখুৰীৰ শোলাল কলিতা গাঁৱৰ অৱস্থা বানে জৰাজীৰ্ণ কৰি তুলিছে ।

নাজিৰাত দিখৌ নৈৰ জলস্তৰ লাহেকৈ কমি আহিছে। এতিয়া আৰু পৰিস্ফুট হৈ পৰিছে দিখৌৰ কালৰূপ। শোলাল কলিতা গাঁৱৰ প্ৰায় সমূহ ৰাইজৰ আজি বহু ক্ষতি কৰি গ'ল এই বানে। কাৰোবাৰ বাসগৃহ সম্পূৰ্ণ মাটিৰ লগত মিহলাই দিলে দিখৌৱে। বৰ্তমান ৰাইজৰ থাকিবলৈ নাই বাসগৃহ, শুবলৈ নাই বিচনা, কেৱল মাত্ৰ এখন ট্ৰিপালৰ তলত বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে । এইক্ষেত্ৰত চৰকাৰ তথা স্থানীয় বিধায়কক সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাইছে বানাক্ৰান্ত ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande