নাজিৰাৰ নৱ নিৰ্বাচিত বিধায়ক ময়ুৰ বৰগোহাঁই সহ পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি
শিৱসাগৰ, ২৫ জুলাই (হি.স.)। নাজিৰাৰ নৱ নিৰ্বাচিত বিধায়ক ময়ুৰ বৰগোহাঁইক সহ পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি। দিখৌ নদীৰ বাঢ়নী পানীয়ে সমগ্ৰ নাজিৰা সমজিলাত জলপ্ৰলয়ৰ সৃষ্টি কৰাত জনগণক উদ্ধাৰ অভিযান, খাদ্য সামগ্ৰী, খোৱা পানী যোগান আদি জনসেৱাত ব্ৰৰ্তী থকা
নাজিৰাৰ নৱ নিৰ্বাচিত বিধায়ক ময়ুৰ বৰগোহাঁই সহ পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি


শিৱসাগৰ, ২৫ জুলাই (হি.স.)। নাজিৰাৰ নৱ নিৰ্বাচিত বিধায়ক ময়ুৰ বৰগোহাঁইক সহ পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি।

দিখৌ নদীৰ বাঢ়নী পানীয়ে সমগ্ৰ নাজিৰা সমজিলাত জলপ্ৰলয়ৰ সৃষ্টি কৰাত জনগণক উদ্ধাৰ অভিযান, খাদ্য সামগ্ৰী, খোৱা পানী যোগান আদি জনসেৱাত ব্ৰৰ্তী থকাৰ সময়তে নাজিৰা বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ময়ুৰ বৰগোহাঁইলৈ আহিছে আন এক জীৱন সংকট । আজি নাজিৰা বালিঘাটস্থ আশ্ৰয় কাৰ্যালয় কক্ষত এখনি সংবাদমেল সম্বোধন কৰি কয়, যোৱা কালি ৮৬৩৮৮৬৫৮১০ নম্বৰৰ পৰা অহা ফোনত বাৰ্তালাপ কৰোতে ফোনত বিধায়ক গৰাকীৰ লগতে তেখেতৰ পৰিয়ালৰ সকলো সদস্যক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। বিধায়ক ময়ুৰ বৰগোহাঁয়ে লগে লগে আৰক্ষী প্ৰশাসনক অৱগত কৰে আৰু উক্ত নম্বৰটো নগাঁও চামগুৰিৰ আনন্দ দাধৰা নামৰ ব্যক্তি জনৰ বুলি নিশ্চিত কৰে । আৰক্ষী প্ৰশাসনে ইতিমধ্যে ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংবাদ মেলত ব্যক্ত কৰে বিধায়ক ময়ুৰ বৰগোহাঁয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande