জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পই উৎপাদন আৰম্ভ হোৱাৰ পূৰ্বেই জনসেৱাত ব্ৰতি
মৰিগাঁও, ২৫ জুলাই (হি.স.)। জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ প্ৰশংসনীয় পদক্ষেপ৷ উৎপাদন আৰম্ভ হোৱাৰ পূৰ্বেই জনসেৱাত ব্ৰতি টাটা ইলেক্ট্ৰনিকছ ৷ মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জাগীৰোডত উদ্বোধন কৰে শিক্ষা, স্বাস্থ্য আৰু মহিলা সবলীকৰণৰ একাধি
জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পই উৎপাদন আৰম্ভ হোৱাৰ পূৰ্বেই জনসেৱাত ব্ৰতি


মৰিগাঁও, ২৫ জুলাই (হি.স.)। জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ প্ৰশংসনীয় পদক্ষেপ৷ উৎপাদন আৰম্ভ হোৱাৰ পূৰ্বেই জনসেৱাত ব্ৰতি টাটা ইলেক্ট্ৰনিকছ ৷ মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জাগীৰোডত উদ্বোধন কৰে শিক্ষা, স্বাস্থ্য আৰু মহিলা সবলীকৰণৰ একাধিক জনকল্যাণমূলক আঁচনি ৷ আঁচনিৰ অংশ হিচাপে স্বাস্থ্য শিতানত জাগীৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় খন অনাগত ৫ বছৰৰ বাবে দত্তক গ্ৰহণ কৰি দীৰ্ঘম্যাদী পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধি ৰক্ষাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে টাটা ছেমিকণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট প্রাইভেট লিমিটেডে ৷

প্রধানমন্ত্রী টিবি মুক্ত ভাৰত অভিযানৰ অন্তৰ্গত টিবি ৰোগীক দৰৱ আৰু পুষ্টিকৰ খাদ্য প্ৰদান কৰি আহিছে প্ৰতিষ্ঠানটোৱে ৷ একেদৰে শিক্ষা খণ্ডৰ আঁচনিৰ অধীনত জাগীৰোডৰ ৫ খনকৈ বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু শিক্ষাগত উন্নয়নৰ বাবে আঁচনি বৃহৎ গ্ৰহণ কৰে । ইফালে মহিলা সবলীকৰণ শিতান “প্রজেক্ট চামেলী”ত চাহ জনগোষ্ঠীৰ দহ গৰাকী যুৱতীক চাহ পৰ্যটন গাইড হিচাপে প্রশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে । অনুষ্ঠানত উপস্থিত থাকে জিলা প্ৰশাসন আৰু টাটা ইলেক্ট্ৰনিকছৰ কেইবা গৰাকীও উচ্চ পৰ্যায়ৰ বিষয়ববীয়া৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande