
হোজাই, ২৫ জুলাই (হি.স.): হোজাই জিলাৰ লংকাৰ জোৰাপুখুৰী তিনিআলিত ড্ৰাগছসহ দুজন যুৱকক আটক কৰা হৈছে। যোৱা কালি নিশা, লংকাৰ জোৰাপুখুৰী তিনিআলিত ড্ৰাগছসহ ২ জন সৰবৰাহকাৰী যুৱক আৰক্ষীৰ জালত পৰে ।
উল্লেখ্য যে ১৫ টা সন্দেহযুক্ত হেʼৰইন ভৰ্তি কন্টেনাৰৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে কানাই ৰয় আৰু শিৱ ৰাজ আইছ নামৰ দুই যুৱক । ধৃত দুয়োজনৰে ঘৰ লংকাৰ কালীবাড়ী পথত বুলি কোৱা হৈছে । দুয়োজন যুৱকৰ পৰা এএছ ৩১ বি ২৬৬৬ নম্বৰৰ এখন স্কুটি আৰু দুটা মবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে । লামডিঙ সমজিলাৰ আৰক্ষী অধীক্ষক প্লাৱন নাথৰ নেতৃত্বত উদালী পহৰা চকীৰ আৰক্ষীয়ে চলাইছিল এই ড্ৰাগছ বিৰোধী অভিযান ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ