বানত সৰ্বস্বান্ত অসমৰ জনপ্ৰিয় মুখাশিল্পী লৱ কুশ
যোৰহাট, ২৫ জুলাই (হি.স.)। ৰাজ্য়ৰ শেহতীয়া বানপানীয়ে জনতাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। জনজীৱন তথা পশুধনৰ ক্ষতি কৰাৰ সমান্তৰালকৈ বানে কৃষি খণ্ডৰো ব্য়াপক ক্ষতি কৰিছে। একেদৰে এই বানত বিধস্ত হয় কলাকুশলীসকলে প্ৰস্তুত কৰি উলিওৱা শিল্পসমূহৰো। এইবাৰৰ প্ৰলয়
বানত সৰ্বস্বান্ত অসমৰ জনপ্ৰিয় মুখাশিল্পী লৱ কুশ


যোৰহাট, ২৫ জুলাই (হি.স.)। ৰাজ্য়ৰ শেহতীয়া বানপানীয়ে জনতাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। জনজীৱন তথা পশুধনৰ ক্ষতি কৰাৰ সমান্তৰালকৈ বানে কৃষি খণ্ডৰো ব্য়াপক ক্ষতি কৰিছে। একেদৰে এই বানত বিধস্ত হয় কলাকুশলীসকলে প্ৰস্তুত কৰি উলিওৱা শিল্পসমূহৰো। এইবাৰৰ

প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰা যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত বানৰ প্ৰকোপ কমিছে যদিও আজিও বহু অঞ্চলত বানে সৃষ্টি কৰা বিভিষিকাময় পৰিৱেশৰ অন্ত হোৱা নাই।

ইফালে জাঁজীৰ জলপৃষ্ঠ হ্ৰাস পাইছে যদিও শংকা আঁতৰা নাই বৰ্নাতসকলৰ

। যিকোনো সময়ত জাঁজী নদীৰ ধনতোলাৰ সমীপৰ ছিগা মথাউৰিয়েদি জাঁজী নদীৰ বাঢ়নী পানী সোমাই অহাৰ আশংকা কৰিছে নদী পৰীয়া ৰাইজ সকলে। একেদৰে বানত সৰ্বস্বান্ত হৈছে অসমৰ জনপ্ৰিয় মুখাশিল্পী লৱ কুশ। শিল্পী দুগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মুখা সমূহ এতিয়াও পানীৰ তলত বুৰ গৈ আছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande