
–২১ বছৰৰ ভিতৰত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে
অন্টাৰিঅ’ (কানাডা), ২৫ জুলাই (হি.স.)। বিশ্ব জুনিয়ৰ স্কোয়াছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰিছে ভাৰতৰ শীৰ্ষ ৰেংকিং স্কোয়াছ খেলুৱৈ অনাহত সিঙে। ২০০৫ চনত যোছনা চিনাপ্পাৰ পিছত এই সন্মানীয় প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে।
শুকুৰবাৰে অনুষ্ঠিত হোৱা মহিলা একক ছেমি ফাইনেলত দিল্লীৰ আনাহাটে ইজিপ্তৰ তৃতীয়/চতুৰ্থ ছিড বাৰ্ব চামেহক ১১-৩, ৮-১১, ১১-৪, ১১-৬ ব্যৱধানত পৰাস্ত কৰি খিতাপ মেচত প্ৰৱেশ কৰে।
বিশ্বৰ ২০ নম্বৰ স্থানত থকা আনাহাটে যোৱা বছৰ এই প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এতিয়া বিশ্ব জুনিয়ৰ স্কোয়াছ চেম্পিয়ন হ’বলৈ বাকী আছে মাত্ৰ এটা জয়। যদিহে ফাইনেলত জয়ী হয় তেন্তে তেওঁ তেনে কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ব ।
জয়ৰ পিছত আনাহাটে কয়, মই অতি সুখী। কেইমাহমানৰ আগতে মই ব্ৰিটিছ জুনিয়ৰ অ'পেনত বাৰ্বৰ বিৰুদ্ধে খেলিছিলো, আৰু সেই মেচখনো আছিল অতি ওচৰৰ। মই জানিছিলোঁ যে জয়ী হ'বলৈ এইবাৰ মই মোৰ শ্ৰেষ্ঠ খেলিব লাগিব।
তেওঁ লগতে কয়, কালি মই মোৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা নাছিলো, গতিকে আজি নিজকে প্ৰমাণ কৰাটো গুৰুত্বপূৰ্ণ আছিল। মই চাৰিবাৰকৈ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত খেলিছো। মই কোৱাৰ্টাৰ ফাইনেল আৰু তাৰ পিছত ছেমিফাইনেলত প্ৰৱেশ কৰিলোঁ, কিন্তু এইবাৰ ফাইনেলত প্ৰৱেশ কৰিলে মোৰ পিতৃ-মাতৃ আৰু প্ৰশিক্ষকসকল অতি সুখী হয়। অৱশ্যে মোৰ লক্ষ্য এতিয়াও পূৰণ হোৱা নাই।
এতিয়া আনাহাটে ফাইনেলত মুখামুখি হ’ব দ্বিতীয় ছিড ইজিপ্তৰ ৰুকায়া চেলেমৰ বিৰুদ্ধে। ভাৰতীয় স্কোয়াছ ইতিহাসত নতুন অধ্যায় লিখিবলৈ এতিয়া আনাহাটক মাত্ৰ এটা জয়ৰ প্ৰয়োজন।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ