যুৱ হকী ৫এছ এছিয়ান চেম্পিয়নশ্বিপঃ পাকিস্তানৰ বিৰুদ্ধে ৭-৩ গ’লত জয়লাভ কৰি ফাইনেলত ভাৰত
- মহিলা দলটোৱেও আকৰ্ষণীয় প্ৰত্যাৱৰ্তন মাস্কাট (ওমান), ২৫ জুলাই (হি.স.)। ভাৰতীয় চাব জুনিয়ৰ পুৰুষ হকী দলটোৱে এফ আই এইচ ইউথ হকী ৫এছ এছিয়ান চেম্পিয়নশ্বিপ ২০২৬ত নিজৰ আকৰ্ষণীয় দৌৰ অব্যাহত ৰাখি শুকুৰবাৰে তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক ৭-৩ গ’লত পৰা
भारत और पाकिस्तान के बीच मैच का दृश्य (फोटो क्रेडिट: एएचएफ)


- মহিলা দলটোৱেও আকৰ্ষণীয় প্ৰত্যাৱৰ্তন

মাস্কাট (ওমান), ২৫ জুলাই (হি.স.)। ভাৰতীয় চাব জুনিয়ৰ পুৰুষ হকী দলটোৱে এফ আই এইচ ইউথ হকী ৫এছ এছিয়ান চেম্পিয়নশ্বিপ ২০২৬ত নিজৰ আকৰ্ষণীয় দৌৰ অব্যাহত ৰাখি শুকুৰবাৰে তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক ৭-৩ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । ইয়াৰ পূৰ্বে ভাৰতে আয়োজক দল ওমানক ১০-১ গ’লত পৰাস্ত কৰিছিল।

ইফালে, চীনৰ হাতত পৰাস্ত হৈ ভাৰতীয় ছাব জুনিয়ৰ মহিলা দলটোৱে উজবেকিস্তানক ১০-০ গ’লত পৰাস্ত কৰি শক্তিশালী প্ৰত্যাৱৰ্তন ঘটায় আৰু এতিয়া ছেমি ফাইনেলত কাজাখস্তানৰ বিৰুদ্ধে খেলিব ।

আটাইতকৈ প্ৰত্যাশিত পুৰুষৰ খেলখনত ভাৰতে আৰম্ভণিৰে পৰাই আগ্ৰাসী খেল খেলিছিল। ৰোমিত পাল (৮ মিনিট), কৰণ গৌতম (১০ মিনিট) আৰু অধিনায়ক কেতন কুশৱাহা (১০ মিনিট)ৰ গ’লেৰে অৰ্ধসময়ত ভাৰতে ৩-০ গ’লত অগ্ৰগতি লাভ কৰে । দ্বিতীয়াৰ্ধত প্ৰহ্লাদ ৰাজভাৰে (১২ মিনিট) অগ্ৰগতি ৪-০ লৈ বৃদ্ধি কৰে । মহম্মদ উছমান (১২ আৰু ১৫ মিনিট) আৰু অধিনায়ক আদীল (১৭ মিনিট)ৰ জৰিয়তে পাকিস্তানে গ’ল দিছিল যদিও শ্বাহৰুখ আলী (১৬ নং), ৰাহুল যাদৱ (১৮ নং) আৰু কেতন কুশৱাহাৰ (২০ মিনিট)ৰ গ’লেৰে ভাৰতৰ স্মৰণীয় ৭-৩ গ’লত জয় নিশ্চিত হয়।

ইয়াৰ পূৰ্বে দিনটোৰ প্ৰথমখন খেলত ভাৰতীয় পুৰুষ দলে আয়োজক দল ওমানক ১০-১ গ’লত পৰাস্ত কৰে । প্ৰথমাৰ্ধত ভাৰতে ৬-০ গ’লত অগ্ৰগতি লাভ কৰে । শ্বাহৰুখ আলী আৰু কেতন কুশৱাহাই দুটাকৈ গ’ল দিয়াৰ বিপৰীতে কৰণ গৌতম আৰু প্ৰহ্লাদ ৰাজভাৰেও এটাকৈ গ’ল সংযোজন কৰে। দ্বিতীয়াৰ্ধত কুশৱাহাই চাৰিটা গ’লৰ ব্যৱধান সম্পূৰ্ণ কৰাৰ বিপৰীতে গৌতম আৰু ৰাজভৰেও দ্বিতীয়টো গ’ল সংগ্ৰহ কৰে । ওমানৰ হৈ একমাত্ৰ গ’লটো দিয়ে খজৰাজ চুবৈত আল মাছৰাফীয়ে ।

মহিলা শাখাত ভাৰতীয় দলটোৱে প্ৰথমখন খেলত চীনৰ বিৰুদ্ধে ৩-৬ গ’লত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । প্ৰথমাৰ্ধত ৩-৩ গ’লত সমতা স্থাপন কৰি ভাৰতৰ হৈ সন্দীপা কুমাৰী আৰু কিৰণ এক্কাই গ’ল দিয়ে যদিও দ্বিতীয়াৰ্ধত চীনে অগ্ৰগতি লাভ কৰি মেচখনত জয়লাভ কৰে ।

অৱশ্যে দ্বিতীয়খন খেলত ভাৰতীয় মহিলা দলটোৱে উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰি উজবেকিস্তানক ১০-০ গ’লত পৰাস্ত কৰে । নৌশীন নাজে হেট্ৰিক অৰ্জন কৰাৰ বিপৰীতে সন্দীপা কুমাৰীয়ে দুটা গ’ল দিয়ে । শ্ৰুতি কুমাৰী, কিৰণ এক্কা, ছুইটি কুজুৰ, নীলম টপনো, আৰু দিয়াইও এটাকৈ গ’ল দি ভাৰতৰ সৰ্বাংগীন জয়ত অৰিহণা যোগাইছিল ।

পুল পৰ্যায় সম্পূর্ণ হোৱাৰ পাছত ২৫ জুলাই শনিবাৰে ভাৰতীয় পুৰুষ দলৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে খেলিব ৷

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande