
কমনৱেলথ গেমছ ২০২৬: কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো পদক, পেৰা পাৱাৰলিফটিঙত ঝাণ্ডু কুমাৰৰ ব্ৰঞ্জৰ পদক অৰ্জন
গ্লাছগো, ২৫ জুলাই (হি.স.)ঃ কমনৱেলথ গেমছ ২০২৬ ত পদকৰ সংখ্যা মুকলি কৰিছে ভাৰতে। শুকুৰবাৰে গভীৰ নিশা পুৰুষৰ হেভিৱেট পেৰা পাৱাৰলিফটিং ইভেণ্টত ভাৰতীয় পেৰা পাৱাৰলিফ্টাৰ ঝাণ্ডু কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰি দেশখনক গেমছৰ প্ৰথমটো পদক প্ৰদান কৰে।
গ্ৰুপ বিত প্ৰতিদ্বন্দ্বিতা কৰি ঝাণ্ডু কুমাৰে প্ৰথম প্ৰচেষ্টাত ১৮১ কিলোগ্ৰাম ওজন সফলতাৰে তুলি লয়। ইয়াৰ পিছতে দ্বিতীয়বাৰৰ চেষ্টাত ১৯০ কিলোগ্ৰাম ওজন তুলি নিজৰ স্থিতি মজবুত কৰে। তৃতীয় প্ৰয়াসত তেওঁ ১৯৬ কিলোগ্ৰাম ওজন তুলিবলৈ চেষ্টা কৰিছিল যদিও বিফল হয়।
৭২.৪ কেজি ওজনৰ জাণ্ডু কুমাৰে তেওঁৰ শ্ৰেষ্ঠ সফল প্ৰচেষ্টাৰ ভিত্তিত ১৩০.৯ পইণ্ট লাভ কৰে। তেওঁ গ্ৰুপ বিত প্ৰথম স্থান দখল কৰে । চূড়ান্ত ফলাফল গণনা কৰা হয় শৰীৰৰ ওজন আৰু সফল লিফ্টৰ ওপৰত ভিত্তি কৰি গ্ৰুপ এ আৰু গ্ৰুপ খৰ খেলুৱৈসকলৰ স্ক’ৰ একত্ৰিত কৰি, য’ত জাণ্ডুৱে তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক আজুৰি আনে ।
নাইজেৰিয়াৰ ৰিলুৱান ইদ্ৰিছে ১৩২.৮ পইণ্টেৰে স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে ইংলেণ্ডৰ মেথিউ হাৰ্ডিঙে ১৩১.০ পইণ্টেৰে ৰূপৰ পদক লাভ কৰে। মাত্ৰ ০.১ পইণ্টৰ ব্যৱধানত ৰূপৰ পদক হেৰুৱালে জাণ্ডু কুমাৰ।
ভাৰতীয় খেলুৱৈগৰাকীয়ে মালয়েছিয়াৰ নিকোডিমাছ মাংগোই মোজেছ (১২০.৩ পইণ্ট)তকৈ আগবাঢ়ি তৃতীয় স্থান দখল কৰে।
গ্ৰুপ এত প্ৰতিদ্বন্দ্বিতা কৰা আন এগৰাকী ভাৰতীয় পেৰা পাৱাৰলিফ্টাৰ সুধীয়ে ১৮২ কেজি আৰু ১৮৩ কিলোগ্ৰাম ওজনৰ সফলতাৰে প্ৰয়াস কৰে। কিন্তু ২১১ কেজিত তেওঁৰ তৃতীয়টো প্ৰচেষ্টা ব্যৰ্থ হয়। তেওঁ মুঠ ১১৪.১ পইণ্টেৰে পদক হেৰুৱাইছিল।
গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত ঝাণ্ডু কুমাৰৰ ব্ৰঞ্জৰ পদকেৰে ভাৰতে নিজৰ অভিযানৰ এক সুন্দৰ আৰম্ভণি কৰিছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ