
গ্লাছগো, ২৫ জুলাই (হি.স.)। কমনৱেলথ গেমছ ২০২৬ৰ দ্বিতীয় দিনা শুকুৰবাৰে ১২টা পদক লাভ কৰি পদকৰ সংখ্যাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়া। শুকুৰবাৰে অষ্ট্ৰেলিয়াই ৫টা সোণ, দুটা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক লাভ কৰি উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়।
দ্বিতীয় স্থানত আছে ছয়টা পদকৰ সৈতে নাইজেৰিয়া। নাইজেৰিয়াই তিনিটা স্বৰ্ণ আৰু তিনিটা ৰূপৰ পদক লাভ কৰিছে। পেৰা পাৱাৰলিফটিং ইভেণ্টত নাইজেৰিয়াই আধিপত্য বিস্তাৰ কৰি দুটা ইভেণ্টত স্বৰ্ণ আৰু ৰূপ দুয়োটা পদক লাভ কৰে।
তৃতীয় স্থানত আছে আয়োজক স্কটলেণ্ড চাৰিটা পদক (দুটা সোণ আৰু দুটা ৰূপ)।
ইংলেণ্ডে ৭টা পদক লাভ কৰাৰ পাছতো স্বৰ্ণ পদকৰ সংখ্যা কম হোৱাৰ বাবে চতুৰ্থ স্থানত আছে । ইংলেণ্ডৰ হাতত আছে এটা সোণ, তিনিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক।
ভাৰতেও দ্বিতীয় দিনা পদকৰ সংখ্যা মুকলি কৰে । পাৰা পাৱাৰলিফ্টাৰ ঝাণ্ডু কুমাৰে পুৰুষৰ হেভিৱেট শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতক কমনৱেলথ গেমছ ২০২৬ৰ প্ৰথমটো পদক প্ৰদান কৰে । এই কৃতিত্বৰে ভাৰত বৰ্তমান পদকৰ সংখ্যাত নৱম স্থানত আছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ