ডিব্ৰুগড়ত বান সাহাৰ্যৰ বাহন ফ্লেগ অফ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
ডিব্ৰুগড়, ২৫ জুলাই (হি.স.)। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিক কেন্দ্ৰ কৰি বিশেষ তৎপৰতা। ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী, অসম অলিম্পিক সংস্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে আজি আগভাগ লয় এক বিশেষ জনহিতকৰ কাৰ্যসূচীৰ। অসম অলিম্পিক সংস
ডিব্ৰুগড়ত বান সাহাৰ্যৰ বাহন ফ্লেগ অফ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে


ডিব্ৰুগড়, ২৫ জুলাই (হি.স.)। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিক কেন্দ্ৰ কৰি বিশেষ তৎপৰতা। ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী, অসম অলিম্পিক সংস্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে আজি আগভাগ লয় এক বিশেষ জনহিতকৰ কাৰ্যসূচীৰ। অসম অলিম্পিক সংস্থাৰ উদ্যোগত বানপীড়িত ৰাইজৰ কাষত থিয় দিয়াৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ পৰা ৰাওনা হ’ল বান সাহাৰ্য ভৰ্তি বিশেষ বাহন।

আজি পুৱা ঠিক ১০.৩০ বজাত ডিব্ৰুগড়ৰ ঐতিহাসিক জালান আউটডৰ ষ্টেডিয়ামৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম অলিম্পিক সংস্থাৰ সাহাৰ্য সামগ্ৰী কঢ়িওৱা বাহনসমূহ আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰে। অসমৰ সাম্প্ৰতিক বানত বিস্তৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহলৈ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে এই সাহাৰ্য সামগ্ৰীসমূহ প্ৰেৰণ কৰা হৈছে শিৱসাগৰ জিলালৈ।

দুৰ্দশাগ্ৰস্ত বানপীড়িতক যথাসম্ভব সকাহ দিয়াই হৈছে অসম অলিম্পিক সংস্থাৰ এই পদক্ষেপৰ মুখ্য উদ্দেশ্য। সাহাৰ্য বাহনৰ ফ্লেগ অফ কৰাৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বৰ্তমানৰ জটিল বান পৰিস্থিতিক লৈ নিজৰ উদ্বেগ প্ৰকাশ কৰে। বান আক্ৰান্তৰ ৰাইজৰ দুখ-কষ্টৰ সমভাগী হৈ তেওঁ কয় যে এই সংকটকালত চৰকাৰ আৰু বিভিন্ন সামাজিক অনুষ্ঠান সমূহ সৰ্বসাধাৰণৰ কাষত থাকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ উপৰিও বান পৰিস্থিতি চম্ভালিবলৈ আৰু ক্ষতিগ্ৰস্ত অঞ্চল সমূহত ক্ষিপ্ৰতাৰে সাহাৰ্য যোগান ধৰিবলৈ সংশ্লিষ্ট বিভাগ সমূহক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বিষয়েও তেওঁ বক্তব্যত উল্লেখ কৰে। তেখেতক সংগ দিয়ে বিজেপিৰ ৰাজ্য়িক সভাপতি দিলীপ শইকীয়াই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande