
মানকাচাৰ, ২৫ জুলাই (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ বৰাই কান্দি গাওঁৰ লাল মিঞা শ্বেখ নামৰ লোক এজনৰ ঘৰত কালি নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। সংঘটিত অগ্নিকাণ্ডত পৰিয়ালটোৰ পকী ঘৰ ভষ্মিভুত হোৱাৰ লগতে ঘৰ খনত থকা নগদ দুই লক্ষাধিক টকা, নথি পত্ৰ, আ-অলংকাৰ, ভড়ালৰ ধান আদিকে ধৰি প্ৰায় কুৰি লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত হয়।
সংঘটিত অগ্নিকাণ্ডত ছলেমান শ্বেখ আৰু লাল মিঞা নামৰ লোক দুজন আহত হোৱাৰ উপৰিও পৰিয়ালটোৰ দুটা পশুধনৰ ক্ষতি হয়। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বিদ্যুতৰ শ্বট্ ছাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ