পদক জয়ৰ বাবে পাৱাৰলিফ্টাৰ ঝাণ্ডু কুমাৰক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন
নতুন দিল্লী, ২৫ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ ২০২৬ত পদক লাভ কৰাৰ বাবে শনিবাৰে ভাৰতীয় পেৰা পাৱাৰলিফ্টাৰ ঝাণ্ডু কুমাৰক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ঝাণ্ডু কুম
পদক জয়ৰ বাবে পাৱাৰলিফ্টাৰ ঝাণ্ডু কুমাৰক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন


নতুন দিল্লী, ২৫ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ ২০২৬ত পদক লাভ কৰাৰ বাবে শনিবাৰে ভাৰতীয় পেৰা পাৱাৰলিফ্টাৰ ঝাণ্ডু কুমাৰক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ঝাণ্ডু কুমাৰৰ সুন্দৰ প্ৰদৰ্শন! তেওঁ পুৰুষৰ হেভিৱেট পেৰা-পাৱাৰলিফটিং ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি ২০২৬ চনৰ কমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্যা মুকলি কৰিছে। তেওঁক অভিনন্দন! তেওঁৰ এই কৃতিত্ব তেওঁৰ প্ৰচণ্ড শক্তি, অদম্য দৃঢ়তা, আৰু বছৰ বছৰ ধৰি অনুশাসনশীল কঠোৰ পৰিশ্ৰমৰ এক উজ্জ্বল উদাহৰণ। প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজ্জ্বল প্ৰদৰ্শন কৰি তেওঁ সমগ্ৰ ৰাষ্ট্ৰৰ বাবে সন্মান কঢ়িয়াই আনিছে আৰু অগণন ভাৰতীয়ক অনুপ্ৰাণিত কৰিছে।

উল্লেখযোগ্য যে ভাৰতীয় পেৰা পাৱাৰলিফ্টাৰ ঝাণ্ডু কুমাৰে শুকুৰবাৰে গভীৰ নিশা পুৰুষৰ হেভিৱেট পেৰা পাৱাৰলিফটিং ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰি গেমছৰ দেশৰ প্ৰথমটো পদক লাভ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande