
ইছলামাবাদ, ২৫ জুলাই (হি.স.)। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ টেংক জিলাৰ যৌথ আৰক্ষী চেকপইণ্টত সন্ত্ৰাসবাদী আক্ৰমণত ১৪ জন নিৰাপত্তাৰক্ষীকে ধৰি পোন্ধৰজন লোক নিহত। পাকিস্তান সেনাৰ মিডিয়া উইং আন্তঃসেৱা জনসংযোগ (আই এছ পি আৰ)ৰ তথ্য অনুসৰি নিৰাপত্তা বাহিনীয়ে প্ৰতিশোধমূলক গুলীত ১২ জন সন্ত্ৰাসবাদীক হত্যা কৰে।
জিঅ’ নিউজে আইএছপিআৰৰ উদ্ধৃতিৰে জনোৱা মতে, ২৩ আৰু ২৪ জুলাইৰ নিশা সন্ত্ৰাসবাদীয়ে চেকপইণ্টৰ নিৰাপত্তাৰক্ষী কৰ্ডন ভংগ কৰাৰ চেষ্টা চলাইছিল যদিও নিৰাপত্তা বাহিনীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ এই প্ৰচেষ্টা বিফল কৰে। ইয়াৰ পিছতে পলায়ন কৰা সন্ত্ৰাসবাদীক খেদি ফুৰাৰ সময়তে ১২ জন আক্ৰমণকাৰী নিহত হয়।
সেনাই জনোৱা মতে, এই ব্যৰ্থ আক্ৰমণৰ পিছত সন্ত্ৰাসবাদীয়ে বিস্ফোৰক ভৰ্তি এখন বাহন চেকপইণ্টৰ বাহিৰৰ দেৱালত খুন্দা মাৰে। প্ৰবল বিস্ফোৰণৰ ফলত চেকপইণ্টটোৰ ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে ১৫ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে ১২ জন সেনা জোৱান, দুজন আৰক্ষী জোৱান, আৰু বন বিভাগৰ এজন প্ৰাক্তন চৰকাৰী বিষয়া।
আই এছ পি আৰৰ মতে, অঞ্চলটোত অৱশিষ্ট সন্ত্ৰাসবাদীৰ সন্ধানত ছেনিটাইজেচন অভিযান অব্যাহত আছে। সেনাই পুনৰ কয় যে দেশৰ পৰা সন্ত্ৰাসবাদৰ ভাবুকি দূৰ কৰাৰ বাবে নিৰাপত্তা বাহিনী আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহে সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত ৰাখিব।
এই আক্ৰমণৰ পিছতে পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰী আৰু প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। দুয়োগৰাকী নেতাই শ্বহীদ নিৰাপত্তাৰক্ষীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অভিযানত ১২ জন সন্ত্ৰাসবাদীক হত্যা কৰাৰ বাবে নিৰাপত্তা বাহিনীক প্ৰশংসা কৰে।
২০২১ চনত আফগানিস্তানত তালিবানে ক্ষমতালৈ ঘূৰি অহাৰ পিছৰে পৰা পাকিস্তানত বিশেষকৈ খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তানত সন্ত্ৰাসবাদী কাণ্ড যথেষ্ট বৃদ্ধি পাইছে। এই পটভূমিত পাকিস্তান চৰকাৰে অবিৰতভাৱে সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাই আছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ