সুস্থ বিতৰ্কই গণতন্ত্ৰক শক্তিশালী কৰেঃ ৰাধাকৃষ্ণন
নতুন দিল্লী, ২৫ জুলাই (হি.স.)। উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি.পি. ৰাধাকৃষ্ণনে শনিবাৰে কয় যে সুস্থ বিতৰ্কই গণতন্ত্ৰক শক্তিশালী কৰে, আনহাতে গঠনমূলক সহযোগিতাই দেশক আগুৱাই লৈ যায়। আজি ৰাজ্যসভাৰ নৱনিৰ্বাচিত আৰু মনোনীত সদস্যসকলৰ বাবে দুদিনীয়া
उपराष्ट्रपति एवं राज्यसभा के सभापति सीपी राधाकृष्णन के साथ अन्य लोग मौजूद।


নতুন দিল্লী, ২৫ জুলাই (হি.স.)। উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি.পি. ৰাধাকৃষ্ণনে শনিবাৰে কয় যে সুস্থ বিতৰ্কই গণতন্ত্ৰক শক্তিশালী কৰে, আনহাতে গঠনমূলক সহযোগিতাই দেশক আগুৱাই লৈ যায়।

আজি ৰাজ্যসভাৰ নৱনিৰ্বাচিত আৰু মনোনীত সদস্যসকলৰ বাবে দুদিনীয়া অৰিয়েণ্টেচন-কম-প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।

সদস্যসকলৰ দৃষ্টিভংগী আৰু দায়িত্বৰ ৰূপৰেখা দাঙি ধৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিতৰ্ক, আলোচনা, আনকি বিঘিনিৰ ফলত সদায় সিদ্ধান্ত লোৱা উচিত। সদনত কটোৱা প্ৰতিটো দিন, প্ৰতিটো ঘণ্টা, প্ৰতিটো মিনিট, প্ৰতিটো চেকেণ্ড ব্যৱহাৰ কৰি গণতন্ত্ৰক শক্তিশালী কৰিব লাগে।

অধ্যক্ষগৰাকীয়ে সদস্যসকলক তথ্যসমৃদ্ধ বিতৰ্ক, সদনৰ নিয়ম আৰু পদ্ধতিৰ প্ৰতি সন্মান, প্ৰশ্ন ঘণ্টা আৰু শূন্য ঘণ্টাৰ ফলপ্ৰসূ ব্যৱহাৰৰ জৰিয়তে সদনৰ উচ্চতম পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায়।

এই উপলক্ষে ৰাজ্যসভাৰ উপ অধ্যক্ষ হৰিৱংশকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande