কাছাৰৰ লাইলাপুৰত নিচাজাতীয় সামগ্ৰী আৰু নগদ ধন সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী
কাছাৰ, ২৬ জুলাই (হি.স.)। কাছাৰৰ লাইলাপুৰত নিচাজাতীয় সামগ্ৰী আৰু নগদ ধন সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত। ধলাই থানাৰ অন্তৰ্গত লাইলাপুৰ ফৰেষ্ট গেটৰ ওচৰত লাইলাপুৰ আৰক্ষীয়ে অভিযান চলাই বুজন পৰ
কাছাৰৰ লাইলাপুৰত নিচাজাতীয় সামগ্ৰী আৰু নগদ ধন সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী


কাছাৰ, ২৬ জুলাই (হি.স.)। কাছাৰৰ লাইলাপুৰত নিচাজাতীয় সামগ্ৰী আৰু নগদ ধন সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী।

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত। ধলাই থানাৰ অন্তৰ্গত লাইলাপুৰ ফৰেষ্ট গেটৰ ওচৰত লাইলাপুৰ আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। অভিযান কালত ৫ টা চাবোনৰ বাকচৰ পৰা ৮৫.৮১ গ্ৰাম, ৪১ টা প্লাষ্টিকৰ কন্টেইনাৰৰ পৰা ১ গ্ৰাম হেৰ'ইন,৫৩ পেকেট বাৰ্মিজ চিগাৰেট,৩৪১.৬ গ্ৰাম গাঞ্জা আৰু নগদ ১,৬২০ টকা জব্দ কৰা হয়। নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ধৃত ব্যক্তি কেইজন ধলাই লাইলাপুৰৰ

কমৰুল ইছলাম মজুমদাৰ আৰু মনিৰ উদ্দিন লস্কৰ বুলি সদৰী কৰিছে আৰক্ষীয়ে। বৰ্তমান তেওঁ লোককক ধলাই থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande