আজি অসম পাবহি কেন্দ্ৰীয় চৰকাৰৰ উচ্চ স্তৰীয় আন্ত মন্ত্ৰীসভাৰ প্ৰতিনিধি দল
ডিব্ৰুগড়, ২৫ জুলাই (হি.স.)। অসমৰ ভয়াবহ বান পৰিস্থিতিৰ বুজ লবলৈ আজি অসম পাবহি কেন্দ্ৰীয় চৰকাৰৰ উচ্চ স্তৰীয় আন্ত মন্ত্ৰীসভাৰ প্ৰতিনিধি দল।স্বাস্থ্য, কৃষি, লোকনিৰ্মাণকে আদি কৰি প্ৰতিতো বিভাগৰে প্ৰতিনিধি থাকিব এই দলত। বানপানীৰ সামগ্ৰীক ক্ষয় ক্ষত
আজি অসম পাবহি কেন্দ্ৰীয় চৰকাৰৰ উচ্চ স্তৰীয় আন্ত মন্ত্ৰীসভাৰ প্ৰতিনিধি দল


ডিব্ৰুগড়, ২৫ জুলাই (হি.স.)। অসমৰ ভয়াবহ বান পৰিস্থিতিৰ বুজ লবলৈ আজি

অসম পাবহি কেন্দ্ৰীয় চৰকাৰৰ উচ্চ স্তৰীয় আন্ত মন্ত্ৰীসভাৰ প্ৰতিনিধি দল।স্বাস্থ্য, কৃষি, লোকনিৰ্মাণকে আদি কৰি প্ৰতিতো বিভাগৰে প্ৰতিনিধি থাকিব এই দলত। বানপানীৰ সামগ্ৰীক ক্ষয় ক্ষতিৰ বুজ লৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব এই দলে। আজি ডিব্ৰুগড়ত এই কথা ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভয়াবহ বান পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাইজৰ ওচৰত কেন্দ্ৰীয় চৰকাৰ প্ৰতিটো মুহূৰ্ততে দিয় দি আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়াব বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। আজি তেওঁ নিজেই ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লোৱাৰ পিছতে কাইলৈৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰ আন্ত মন্ত্ৰীসভ প্ৰতিনিধি দলে বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব বুলি তেখেতে উল্লেখ কৰে।উল্লেখ যোগ্য যে অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা আগবঢ়োৱা বান সাহাৰ্য্য লৈ অসম প্ৰদেশ বিজেপি দলৰ সভাপতি দিলীপ শইকিয়া সহিতে সৰ্বানন্দ সোনোৱাল শিৱসাগৰ ,চৰাইদেউ আদি বান ক্ষতিগ্ৰস্ত অঞ্চললৈ ৰাওনা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande