ডিগবৈত পথ নিৰ্মাণ কোম্পানীয়ে দুৰ্ঘটনা আহত যুৱকৰ চিকিৎসাৰ খৰচ নিদিয়াৰ অভিযোগ
TTCৰ ডাম্পাৰ আবদ্ধ স্থানীয় যুৱকৰ।
ডিগবৈত পথ নিৰ্মাণ কোম্পানীয়ে দুৰ্ঘটনা আহত যুৱকৰ চিকিৎসাৰ খৰচ নিদিয়াৰ অভিযোগ


তিনিচুকিয়া, ২৫ জুলাই (হি.স.): তিনিচুকীয়া জিলাৰ ডিগবৈৰ উল্টাপুলৰ ৰূপজ্যোতি ডেকা (২৫) নামৰ যুৱক যোৱা বুধবাৰে পথ নিৰ্মাণৰ বাবে পেলোৱা মাটিত দুৰ্ঘটনাত আহত হোৱাৰ পিছতো আজিলৈকে চিকিৎসাৰ খৰচ নিৰ্মাণ গোষ্ঠী টিটিচি কোম্পানীৰ পৰা লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে।অভিযোগ অনুসৰি, ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন নামাকৰণ কৰা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্যৰ বাবে টিটিচি কোম্পানীয়ে পথৰ কাষে কাষে ডাম্পাৰেৰে মাটি পেলাই আহিছে। ইয়াৰ ফলত যান-বাহন আৰু পথচাৰীসকলে অসুবিধাৰ সন্মুখীন হৈ আহিছে।

ইয়াৰ মাজতে যোৱা বুধবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত খাৰজানপুলৰ সমীপত পথৰ কাষত পেলাই থোৱা মাটিত স্কুটিসহ দুৰ্ঘটনাত পতিত হৈ ৰূপজ্যোতি ডেকা আহত হয়। পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ পিছত টিটিচি কোম্পানীয়ে ৰূপজ্যোতি ডেকাৰ চিকিৎসাৰ খৰচ বহন কৰাৰ কথা উল্লেখ কৰিছিল বুলি জানিব পৰা গৈছে। কিন্তু কোম্পানীৰ কৰ্তৃপক্ষই বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি আজি সন্ধিয়া স্থানীয় যুৱকসকলে উল্টাপুল আৰু খাৰজানপুলৰ মাজত টিটিচি কোম্পানীৰ কেইবাখনো ডাম্পাৰ আবদ্ধ কৰি ৰাখিছে।

স্থানীয় যুৱকসকলে আহত ৰূপজ্যোতি ডেকাৰ চিকিৎসাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিকভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande