উজনিৰ বান পীড়িতৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুজিঁলৈ হাগ্ৰামা মহিলাৰীৰ পঞ্চাশ লাখ টকা প্ৰদানৰ সিদ্ধান্ত
বাক্সা, ২৫ জুলাই (হি.স.)। মুখ্যমন্ত্ৰী সাহাৰ্য্য পুজিঁলৈ বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ পঞ্চাশ লাখ টকা প্ৰদানৰ সিদ্ধান্ত। উজনিৰ বান পীড়িতৰ সহায়ৰ বাবে এই ধন প্ৰদান কৰিব হাগ্ৰামা মহিলাৰীয়ে। বাক্সা জিলাৰ মুছলপুৰত বিপিএফ দলৰ নিতী নিৰ্ধাৰণ সমিতিৰ বৈঠকত
উজনিৰ বান পীড়িতৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুজিঁলৈ হাগ্ৰামা মহিলাৰীৰ পঞ্চাশ লাখ টকা প্ৰদানৰ সিদ্ধান্ত


বাক্সা, ২৫ জুলাই (হি.স.)। মুখ্যমন্ত্ৰী সাহাৰ্য্য পুজিঁলৈ বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ পঞ্চাশ লাখ টকা প্ৰদানৰ সিদ্ধান্ত।

উজনিৰ বান পীড়িতৰ সহায়ৰ বাবে এই ধন প্ৰদান কৰিব হাগ্ৰামা মহিলাৰীয়ে।

বাক্সা জিলাৰ মুছলপুৰত বিপিএফ দলৰ নিতী নিৰ্ধাৰণ সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বাক্সা জিলাৰ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিপিএফ দলৰ নিতী নিৰ্ধাৰণ সমিতিৰ বৈঠক।

বৈঠকত উপস্থিত থাকে বিটিচি চীফ হাগ্ৰামা মহিলাৰী, ডেপুটী চীফ ৰিহন দৈমাৰী, মন্ত্ৰী চৰন বড়োৰ লগতে আন আন দলীয় নেতৃত্ব।

শ্ৰীৰামপুৰ গেটৰ টোল সংগ্ৰহৰ প্ৰসংগত কৰা প্ৰশ্নৰ পৰা স্বভাৱসুলৱ ধেমেলীয়া ভংগীৰে উত্তৰ দিয়াৰ পৰা বিৰত থাকে বিটিচি চীফ হাগ্ৰামা মহিলাৰী।

উজনি অসমৰ বানাক্ৰান্ত জিলাকেইখনৰ অৱস্থাক লৈ চিন্তা প্ৰকাশ হাগ্ৰামাৰ।

আগতেই এনে বান পৰিস্থিতি দেখা নাই বুলি মন্তব্য আগবঢ়াই হাগ্ৰামা মহিলাৰীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande