বান দুৰ্যোগৰ মাজত ভি কে-এন আৰ এল হাস্পতালৰ ভ্ৰাম্যমান চিকিৎসা সেৱা অব্যাহত
গোলাঘাট, ২৫ জুলাই (হি.স.)। বান দুৰ্যোগৰ মাজত ভি কে-এন আৰ এল হাস্পতালৰ ভ্ৰাম্যমান চিকিৎসা সেৱা অব্যাহত বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত স্বাস্থ্যসেৱা আগবঢ়োৱাৰ উদ্দেশ্যে বিবেকানন্দ কেন্দ্ৰ-এন আৰ এল হাস্পতালৰ মোবাইল মেডিকেল ইউনিটে গোলাঘাট
বান দুৰ্যোগৰ মাজত ভি কে-এন আৰ এল হাস্পতালৰ ভ্ৰাম্যমান চিকিৎসা সেৱা অব্যাহত


গোলাঘাট, ২৫ জুলাই (হি.স.)। বান দুৰ্যোগৰ মাজত ভি কে-এন আৰ এল হাস্পতালৰ ভ্ৰাম্যমান চিকিৎসা সেৱা অব্যাহত

বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত স্বাস্থ্যসেৱা আগবঢ়োৱাৰ উদ্দেশ্যে বিবেকানন্দ কেন্দ্ৰ-এন আৰ এল হাস্পতালৰ মোবাইল মেডিকেল ইউনিটে গোলাঘাট জিলাৰ বিভিন্ন বানাক্ৰান্ত এলেকাত বান সাহায্য চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে।

মোবাইল মেডিকেল ইউনিট–১-এ বাছাভৰলুৱা, শালিকিহাট আৰু কানাইমহল চাৰিআলি অঞ্চলত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি মুঠ ১৮৭ জন ৰোগীক চিকিৎসা সেৱা আগবঢ়ায়। ইয়াৰে ৮৩ জন পুৰুষ আৰু ১০৪ জন মহিলা। ১৮ বছৰৰ ঊৰ্ধ্বৰ ৰোগীৰ সংখ্যা ১৬১ জন, আনহাতে ১৮ বছৰৰ তলৰ শিশু-কিশোৰৰ সংখ্যা ২৬ জন।

ইফালে, মোবাইল মেডিকেল ইউনিট–২-এ কানাইমহল চাৰিআলি, কামৰবন্ধা (গোলাঘাট) ত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি ১৭৫ জন ৰোগীক চিকিৎসা প্ৰদান কৰে। ইয়াৰে ৮৯ জন পুৰুষ আৰু ৮৬ জন মহিলা। ১৮ বছৰৰ ঊৰ্ধ্বৰ ১৫৬ জন আৰু ১৮ বছৰৰ তলৰ ১৯ জন ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰে।

দুয়োটা শিবিৰ মিলাই দিনটোত মুঠ ৩৬২ জন ৰোগীক বিনামূলীয়াকৈ চিকিৎসা, প্ৰয়োজনীয় ঔষধ আৰু স্বাস্থ্য পৰামৰ্শ প্ৰদান কৰা হয়।

চিকিৎসা শিবিৰসমূহত জ্বৰ, ঠাণ্ডা-কাহ, শ্বাসনলীৰ সংক্ৰমণ, চকুৰ সমস্যা, পিঠিৰ বিষ, শৰীৰৰ বিষ, ডায়েৰিয়া, ছালৰ ফাংগেল সংক্ৰমণ, ৰক্তাল্পতা (এনিমিয়া) আৰু ছাল তথা কোমল কলাৰ আঘাত আদি সাধাৰণ ৰোগ অধিক পৰিলক্ষিত হয়। ইয়াৰ উপৰিও ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষাও কৰা হয়।

শিবিৰত উপস্থিত গৰ্ভৱতী মহিলাসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ প্ৰদান কৰা হয়। লগতে গৰ্ভাৱস্থাত পালন কৰিবলগীয়া যত্ন, পুষ্টি, ব্যক্তিগত পৰিচৰ্যা আৰু জৰুৰীভাৱে চিকিৎসালয়লৈ যাবলগীয়া বিপদসংকেতসমূহৰ বিষয়ে বিস্তৃত পৰামৰ্শ আগবঢ়োৱা হয়।

বিবেকানন্দ কেন্দ্ৰ-এন আৰ এল হাস্পতালৰ এই বান সাহায্য চিকিৎসা অভিযান আগন্তুক দিনসমূহতো বানাক্ৰান্ত অঞ্চলত অব্যাহত থাকিব বুলি হাস্পতাল কৰ্তৃপক্ষই জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande