মণিপুৰত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ হেণ্ড গ্ৰেনেড, ডিটনেটৰ আৰু অস্ত্ৰ-শস্ত্ৰ
ইম্ফল, ২৫ জুলাই (হি.স.)। মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ পাটছ’ই থানা এলেকাৰ সংগাইথেল পাৰ্কৰ সমীপত যোৱা ২৪ জুলাইত চলোৱা অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু সামৰিক সঁজুলি উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত
Image of the Manipur Operations.


ইম্ফল, ২৫ জুলাই (হি.স.)। মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ পাটছ’ই থানা এলেকাৰ সংগাইথেল পাৰ্কৰ সমীপত যোৱা ২৪ জুলাইত চলোৱা অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু সামৰিক সঁজুলি উদ্ধাৰ কৰে।

উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে মেগজিনসহ আঠটা পিষ্টল, চাৰিটা ৰাইফল, তিনিটা হেণ্ড গ্ৰেনেড, তিনিটা ডিটনেটৰ, বৃহৎ সংখ্যক সজীৱ কাৰ্টিজ আৰু খালী গোলা, কেইবাটাও মেগজিন, আৰু বুলেটপ্ৰুফ জেকেট, মেগজিন পাউচ, বেতাঁৰ যোগাযোগ চেটকে ধৰি অন্যান্য সামৰিক সঁজুলি।

অঞ্চলটোত শান্তি আৰু শৃংখলা বজাই ৰখাৰ লক্ষ্যৰে নিৰাপত্তাৰক্ষীৰ অভিযানত জব্দ কৰা হয়। বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande