প্ৰেমৰ নামত দৃষ্টিহীন যুৱকক প্ৰতাৰণা
প্ৰেমৰ নামত দৃষ্টিহীন যুৱকক প্ৰতাৰণা।
প্ৰেমৰ নামত দৃষ্টিহীন যুৱকক প্ৰতাৰণা


ডিব্ৰুগড়, ২৫ জুলাই (হি.স.): প্ৰেমৰ নামত চলনাৰ বলি হৈছে এগৰাকী বিশেষভাৱে সক্ষম, দৃষ্টিহীন যুৱক। যুৱক জনৰ আৱেগ আৰু সৰলতাৰ সুযোগ লৈ প্ৰেমৰ জালত পেলাই ধন আত্মসাৎ কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। বিয়াৰ প্ৰলোভন দি যুৱকজনৰ পৰা মাহৰ পিছত মাহ ধৰি লুটি নিলে হাজাৰ হাজাৰ টকা। সৰ্বস্বান্ত হৈ এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী যুৱকজন। মৰাণৰ সমীপৰ বামুণবাৰীৰ ঘুগুলনি বৰবামৰ নিৱাসী শ্ৰী মহেশ ডাং নামৰ বিশেষভাৱে সক্ষম যুৱকজন এই প্ৰতাৰণাৰ বলি হৈছে ।

শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম মহেশ পেছাত এগৰাকী শ্ৰমিক, যি কৰ্মসূত্ৰে আছিল ৰাজস্থানত । ২০২৪ চনৰ অক্টোবৰ মাহত তেওঁৰ চিনাকি হৈছিল সোণাৰিৰ ভজোৰ এগৰাকী যুৱতী আৰু তেওঁৰ মাতৃৰ সৈতে । পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ কথা কৈ মাতৃগৰাকীয়ে মহেশক নিজৰ ছোৱালীক বিয়া কৰাই 'উদ্ধাৰ' কৰিবলৈ অনুৰোধ কৰিছিল। আৰম্ভ হৈছিল প্ৰেমৰ অভিনয়। বিয়াৰ আশাত মহেশে নিজৰ কষ্টোপাৰ্জিত ধন পানীৰ দৰে খৰচ কৰিলে। কিন্তু লাহে লাহে পোহৰলৈ আহিল প্ৰেমৰ আচল স্বৰূপ। মহেশে গম পালে যে যুৱতীগৰাকীৰ আন যুৱকৰ লগতো সম্পৰ্ক আছে আৰু আন ল'ৰাৰ পৰাও তেওঁলোকে ধন লুটিছে ।

ধন সৰকোৱাৰ পিছত যুৱতীগৰাকীয়ে মহেশক আওকাণ কৰিবলৈ লয় আৰু ওলোটাই ধমক দিয়ে। মহেশৰ অভিযোগ, মাতৃগৰাকীয়ে নিজৰ ছোৱালীক ব্যৱসায়ৰ দৰে ব্যৱহাৰ কৰি একাধিক যুৱকক ঠগিছে । এখন সুন্দৰ সংসাৰৰ সপোন দেখি প্ৰেমৰ নামত সৰ্বস্বান্ত হোৱা মহেশ এতিয়া দিশহাৰা। উপায়ন্তৰ হৈ অৱশেষত আৰক্ষীৰ কাষ চাপিছে এই দৃষ্টিহীন যুৱকজন । বামুণবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহেশ ডাঙে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande