মৰিয়নিত অসমৰ পথ নাগালেণ্ডৰ লোক নিৰ্মাণ বিভাগক হস্তান্তৰ কৰাৰ বিৰোধিতা আটছাৰ
মৰিয়নিত অসমৰ পথ নাগালেণ্ডৰ লোক নিৰ্মাণ বিভাগক হস্তান্তৰ কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল চাহ জনজাতি ছাত্ৰ সন্থা।
মৰিয়নিত অসমৰ পথ নাগালেণ্ডৰ লোক নিৰ্মাণ বিভাগক হস্তান্তৰ কৰাৰ বিৰোধিতা আটছাৰ


যোৰহাট, ২৫ জুলাই (হি.স.): যোৰহাট জিলাৰ মৰিয়নিত অসমৰ পথ নাগালেণ্ডৰ লোক নিৰ্মাণ বিভাগক হস্তান্তৰ কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা।

উল্লেখ্য যে পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ সীমান্ত পথ নিৰ্মাণ সংস্থা চমুকৈ ( Boarder roads Organization) ই নিৰ্মান কৰা মৰিয়নি কঠালগুৰী তিনিআলিৰ পৰা দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল হৈ নিউ চুংতিয়াৰ অসম আৰক্ষীৰ সীমান্ত নিৰীক্ষণ চকীলৈ মুঠ ২১.৬৯ কিলোমিটাৰ পথৰ ৭.২০ কিলোমিটাৰ পুনৰ্নিমাণৰ বাবে অসমৰ লোক নিৰ্মাণ বিভাগক হস্তান্তৰ কৰা বিপৰীতে ১৫ কিলোমিটাৰ পথ নাগালেণ্ড লোক নিৰ্মাণ বিভাগক গতাই দিবলৈ লোৱা হৈছে। ইয়াকে লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ তথা লোক নিৰ্মাণ বিভাগৰ বিষয়া উপস্থিত হোৱাৰ পাছতে পথত বহি প্ৰতিবাদ সাব্যস্ত কৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মীসকলে। লগতে অসমৰ অন্তৰ্গত পথ কোনো কাৰণতে নাগালেণ্ডক গতাই দিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে আটছাই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande