
গোলাঘাট, ২৫ জুলাই (হি.স.)। ৰাজ্য়ৰ শেহতীয়া বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। জনজীৱন তথা পশুধনৰ ক্ষতি কৰাৰ সমান্তৰালকৈ বানে কৃষি খণ্ডৰো ব্য়াপক ক্ষতি কৰিছে। একেদৰে এই বানত বিধস্ত হয় দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ আদৰ্শ কৃষক চাহাবুদ্দিন আহমেদৰ খেতি ।
খেতিয়কগৰাকীয়ে ব্ৰহ্মপুত্ৰ অঞ্চলৰ ডুবিগাঁৱত দহ বিঘা ভূমিত কৰিছিল কোমোৰা খেতি ।
পোন্ধৰ হেজাৰৰো অধিক কোমোৰা লমালমে লাগিছিল কৃষিপামত। বানপানীৰ কবলত পৰিল কৃষিপামখন। ফলত এতিয়া গেলি গৈছে পোন্ধৰ হেজাৰৰো অধিক কোমোৰা। সাত বিঘা ভূমিত থকা ফিছাৰিও পৰিল বানৰ কৱলত। ফলত কুইন্টলে কুইন্টলে ওলাই গৈছে মাছ । কৃষকগৰাকীৰ চকুত এতিয়া চকুলো নিগৰিছে । গেলি যোৱা কৃষিপামখন চাই হুমুনিয়াহ কাঢ়িছে আদৰ্শ কৃষক চাহাবুদ্দিনে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা