
শোণিতপুৰ, ২৫ জুলাই (হি.স.)। জামুগুৰিহাটত কালি নিশা দূৰ্বৃত্তই থপিয়াই নিলে গহনাভৰ্তি বেগ৷ জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ পৰা বাইকত অহা দূৰ্বৃত্তই থপিয়াই নিলে প্ৰায় ২ লক্ষাধিক টকাৰ গহণা৷ কৃষ্ণ জুৱিলাৰীৰ সত্বাধিকাৰী চন্দন সূত্ৰধাৰৰ পৰা থপিয়াই নিলে সোণ আৰু ৰূপৰ গহনা৷ গ্ৰাহকে দিয়া অৰ্দাৰৰ গহণা তৈয়াৰ কৰি আনদিনাৰ দৰে ঘৰত থবলৈ বুলি চাইকেল লৈ অহাৰ মূহুৰ্ততে সংঘটিত হয় উক্ত ঘটনা৷
ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ৷ জামুগুৰিহাটৰ মাজমজিয়াত সংঘটিত এনে চুৰিকাণ্ডৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ