চতিয়াত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ
বিশ্বনাথ, ২৫ জুলাই (হি.স.)। বিশ্বনাথ জিলাৰ চতিয়াত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰিছে। যোৱা কালি শুকুৰবাৰে নিশা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা। চতিয়া আৰু বিশ্বনাথ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই চতিয়া পুৰণা চেন্টাৰ
চতিয়াত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ


বিশ্বনাথ, ২৫ জুলাই (হি.স.)। বিশ্বনাথ জিলাৰ চতিয়াত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰিছে। যোৱা কালি শুকুৰবাৰে নিশা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা।

চতিয়া আৰু বিশ্বনাথ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই চতিয়া পুৰণা চেন্টাৰৰ ' বৰুৱা ষ্টোৰ' নামৰ দোকানখনত মজুত কৰি ৰখা অবৈধ বিলাতী সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত বিভিন্ন বেণ্ডৰ সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় চাৰি লাখ টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande