তামুলপুৰৰ কালাকুছীত ৩ গভাইত ছাগলী চোৰ আটক
তামুলপুৰ, ২৫ জুলাই (হি.স.)। তামুলপুৰৰ কালাকুছীত ৩ গভাইত ছাগলী চোৰ আটক। ছাগলী চুৰ কৰি বিক্ৰী কৰিবলৈ যো যা চলাওতেই স্থানীয় ৰাইজে হাটে লোটে আটক কৰে তিনি গভাইত চোৰক ৷ চোৰ কেইটাক উত্তম মাধ্যম শোধাই তামুলপুৰ আৰক্ষীক গটাই দিয়ে স্থানীয় ৰাইজে ৷ আটকাধীন ছ
তামুলপুৰৰ কালাকুছীত ৩ গভাইত ছাগলী চোৰ আটক


তামুলপুৰ, ২৫ জুলাই (হি.স.)। তামুলপুৰৰ কালাকুছীত ৩ গভাইত ছাগলী চোৰ আটক। ছাগলী চুৰ কৰি বিক্ৰী কৰিবলৈ যো যা চলাওতেই স্থানীয় ৰাইজে হাটে লোটে আটক কৰে তিনি গভাইত চোৰক ৷ চোৰ কেইটাক উত্তম মাধ্যম শোধাই তামুলপুৰ আৰক্ষীক গটাই দিয়ে স্থানীয় ৰাইজে ৷

আটকাধীন ছাগলী চোৰ কেইজনক শালমাৰাৰ জহিৰুদ্দিন আলী,আয়ুৱ আলী আৰু ইনচান আলী বুলি চিনাক্ত কৰা হৈছে ৷

বিগত বহুদিন ধৰি চোৰ কেইটাই তামুলপুৰৰ ডিমিলাপাৰ,শালমাৰা,ডুমুৰীয়া অঞ্চলত গৰু,ছাগলী, হাঁহ-কুকুৰা,তামোল আদি চুৰ কৰি সন্ত্ৰাস চলাই আছিল ৷ আটকাধীন চোৰ কেইটাক কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে চুৰি কাৰ্যত জড়িত আন ব্যক্তি সকলক আটক কৰাৰ বাবে তামুলপুৰ আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande