গেংষ্টাৰ জোবান বিলাক ইণ্ডোনেছিয়াৰ পৰা বিতাড়িত কৰি পঞ্জাৱলৈ স্থানান্তৰ
চণ্ডীগড়, ২৫ জুলাই (হি.স.)। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ পৰা পলাতক গেংষ্টাৰ জোবনজীত সিং ওৰফে জোবান বিল্লাক পঞ্জাৱ আৰক্ষীৰ এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চে সফলতাৰে বিতাড়িত কৰি ভাৰতলৈ লৈ আহিছে। আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ বিৰুদ্ধে ইয়াক এক বৃহৎ সফল
গেংষ্টাৰ জোবান বিলাক ইণ্ডোনেছিয়াৰ পৰা বিতাড়িত কৰি পঞ্জাৱলৈ স্থানান্তৰ


চণ্ডীগড়, ২৫ জুলাই (হি.স.)। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ পৰা পলাতক গেংষ্টাৰ জোবনজীত সিং ওৰফে জোবান বিল্লাক পঞ্জাৱ আৰক্ষীৰ এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চে সফলতাৰে বিতাড়িত কৰি ভাৰতলৈ লৈ আহিছে। আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ বিৰুদ্ধে ইয়াক এক বৃহৎ সফলতা বুলি বিবেচনা কৰিছে আৰক্ষীয়ে।

পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে কয় যে এজিটিএফে পঞ্জাৱৰ বহিঃৰাজ্যৰ পলাতক অনুসৰণ আৰু প্ৰত্যাৰ্পণ কোষ আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ সহযোগত এই অভিযান চলাইছিল । প্ৰায় ছমাহ ধৰি চলিছিল এই অভিযান আৰু ইয়াৰ নাম অপাৰেচন ন’মেড হাণ্ট ৰখা হৈছিল।

অমৃতসৰ গ্ৰাম্য অৰ্জন মংগা গাঁৱৰ বাসিন্দা জোবন বিল্লা বাম্বিহা চক্ৰৰ সক্ৰিয় সদস্য বুলি জানিব পৰা গৈছে। আৰক্ষীৰ মতে, তেওঁ ড্ৰাগছ সৰবৰাহ, ধন দাবী, গেং সদস্যক লজিষ্টিক সহায় আগবঢ়োৱা আদি অপৰাধমূলক কামত জড়িত হৈ আছে।

১৩ বছৰীয়া শিশুৰ হত্যাকে ধৰি পঞ্জাৱত ৰুজু হোৱা চাৰিটা হত্যাকাণ্ডৰ গোচৰত জোবন বিল্লাক বিচাৰি আছে। তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টা, এন ডি পি এছ আইন, আৰু অস্ত্ৰ আইন আদিৰ অভিযোগো আছে।

আৰক্ষীৰ ৰেকৰ্ড অনুসৰি ১০টাতকৈও অধিক এফআইআৰত জবন বিল্লাৰ নাম পঞ্জীয়ন কৰা হৈছে। ২০২৩ চনত সঠিয়ালা গাঁৱত জৰ্নৈল সিঙৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত তেওঁ ভাতৃ গুৰবিন্দৰ সিঙৰ সৈতে গ্ৰাম্য অমৃতসৰৰ ব্যৱসায়ী আৰু দোকানীসকলৰ পৰা লাখ লাখ টকা আদায় কৰিছিল, ধন নিদিলে গুলীচালনা কৰাৰ ভাবুকি দিছিল।

আৰক্ষীৰ মতে, গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ তেওঁ ডুবাইকে ধৰি আন কেইবাখনো দেশৰ পৰা নিজৰ নেটৱৰ্ক চলাইছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মাজত অহৰহ চোৰাংচোৱাগিৰি আৰু সমন্বয়ৰ অন্তত তেওঁক জাকাৰ্টাৰ পৰা বিতাড়িত কৰা হয়। এতিয়া পঞ্জাৱ আৰক্ষীয়ে তেওঁক জেৰা কৰি তেওঁৰ অপৰাধী নেটৱৰ্ক আৰু অন্যান্য সহযোগীসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব ।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande