গোলাঘাট জিলাত বান পৰিস্থিতি অব্যাহত
গোলাঘাট, ২৫ জুলাই (হি.স.)। গোলাঘাট জিলাত বান পৰিস্থিতি অব্যাহত। জিলাখনৰ ৫টা ৰাজহ চক্ৰৰ ১২৫খন গাঁও বানত ক্ষতিগ্ৰস্ত। বানৰ কবলত ৩১ হাজাৰ ৩৯৯জন লোক। ৩,০৭৪.৯৭ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত। গোলাঘাট জিলাত বৰ্তমান ১১টা সাহায্য শিবিৰ স্থাপন কৰা হৈছ
গোলাঘাট জিলাত বান পৰিস্থিতি অব্যাহত


গোলাঘাট, ২৫ জুলাই (হি.স.)। গোলাঘাট জিলাত বান পৰিস্থিতি অব্যাহত।

জিলাখনৰ ৫টা ৰাজহ চক্ৰৰ ১২৫খন গাঁও বানত ক্ষতিগ্ৰস্ত।

বানৰ কবলত ৩১ হাজাৰ ৩৯৯জন লোক।

৩,০৭৪.৯৭ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত।

গোলাঘাট জিলাত বৰ্তমান ১১টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে।

সাহায্য শিবিৰত আশ্ৰয় লৈছে ১,২১৬জন বানাক্ৰান্ত লোকে।

ইফালে, ধনশিৰি নদীকে ধৰি জিলাখনৰ কেইবাখনো নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰত।

নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ ৭৮.৮৫ মিটাৰ, বিপদসীমা ৭৮.৪২ মিটাৰ।

বাদুলিপাৰাত গেলাবিল নদীৰ জলপৃষ্ঠ ৭৭.৯৭ মিটাৰ, বিপদসীমা ৭৬.১০ মিটাৰ।

দুফলাটিঙত কাকডোঙা নদীৰ জলপৃষ্ঠ ৮৮.০৮ মিটাৰ, বিপদসীমা ৮৭.৫০ মিটাৰ।

ইফালে, নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখন স্পিলৱে গেট খুলি পানী এৰি থকা হৈছে।

বৰ্তমান প্ৰায় ১৫৭ কিউমেক্স পানী এৰি দিয়া হৈছে।

দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰাৰ ফলত দৈয়াং নদীৰ জলস্তৰ আৰু বৃদ্ধি পোৱাৰ আশংকা।

মেৰাপানী, সৰুপথাৰকে ধৰি নামনি অঞ্চলৰ বান পৰিস্থিতিৰ ওপৰত প্ৰশাসনৰ তীক্ষ্ণ নজৰ। গোলাঘাটৰ জিলা আয়ুক্ত বিশ্বজিৎ ফুকনসহ জিলা প্ৰশাসনৰ এটি দলে মেৰাপানীৰ পদুমপথাৰ অঞ্চলত আজি উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande