
যোৰহাট, ২৫ জুলাই (হি.স.)। আমিও দিন হাজিৰা কৰি পেটে-ভাতে খাই থকা মানুহ। আমিও বৰ আৰ্থিকভৱে টনকিয়াল নহয় যদিও বৰ্তমান বানাক্ৰান্ত সকল আমাতকৈ বেছি বিপদত পৰিছে। আজিও মানৱতা জীয়াই আছে তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে টীয়কৰ একাংশ যুৱকে।হয়,টীয়কৰ মিধাখাটৰ যুৱক দুলু বৰাৰ নেতৃত্বত প্ৰগতি এন্টাৰপ্ৰাইজ নামৰ এক ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানে আজি টীয়কৰ জাঁজীমুখৰ বানাক্ৰান্তৰ কাষত থিয় হৈ সাধ্য অনুসৰি বিশুদ্ধ খোৱাপানী,অন্ন যোগান ধৰে।
উল্লেখযোগ্য যে চোলাৰ ইনষ্টলেচন কৰি যেনে তেনে পৰিয়াল পোহপাল দি জীৱন নিৰ্বাহ কৰা এই সকল যুৱকে গাথিৰ ধন ভাঙি নিজৰ সাচতীয়া ধনেৰে সমগ্ৰী ক্ৰয় কৰি আৰ্তজনক সহায় কৰিছে। আজি তেওঁলোক নিজেও বানাক্ৰান্ত, এই মহাপ্ৰলয়ৰ পৰিবেশত তেওঁলোক কৰ্মহীন হ'লেও আনৰ দুখত দুখী হৈ এইদৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু আগলৈও কৰি যোৱাৰ সংকল্প লৈছে। সচাঁই এওঁলোক প্ৰশংসাৰ পাত্ৰ বুলি ৰাইজে অভিহিত কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু