
শিৱসাগৰ, ২৫ জুলাই (হি.স.): শিৱসাগৰত বান পৰিস্থিতি বৰ্তমানেও অপৰিৱৰ্তিত আছে । পথৰ দাতিত এতিয়াও হাজাৰ হাজাৰ বন্যাৰ্তই আশ্ৰয় লৈ আছে । পানী হ্ৰাস পাইছে যদিও বহু অঞ্চল বৰ্তমানেও জলমগ্ন হৈয়ে আছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত জীৱন কটাইছে বন্যাৰ্তই।
শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দাতি কাষৰীয়া হাতীঘূলি, সোণতলীছিগা, চাৰিং, খনামুখ, ফুলপানীছিগা, আদি অঞ্চল বৰ্তমানেও জলমগ্ন হৈ আছে ।আনহাতে সম্প্ৰতি জলস্তৰ হ্ৰাস পাইছে দিখৌ, জাঁজী, দিচাং নদীৰ । ইফালে একে অৱস্থাতে আছে দৰিকা নদীৰ জলস্তৰ । বানৰ বাবে জিলাখনত বৰ্তমানেও জলবন্দী হৈ আছে হাজাৰ হাজাৰ লোক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ