দেওশালত তিৱা মাথনলাই তখ্ৰাৰ ৪৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন মৰিগাঁও জিলা সমিতিৰ
মৰিগাঁও, ২৫ জুলাই (হি.স.)। দেওশালত তিৱা মাথনলাই তখ্ৰাৰ ৪৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন মৰিগাঁও জিলা সমিতিৰ। তিৱা মাথনলাই তখ্ৰাৰ ৪৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা সমিতিয়ে দেওশাল শাখাৰ সহযোগত দেওশাল মন্দিৰ
দেওশালত তিৱা মাথনলাই তখ্ৰাৰ ৪৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন মৰিগাঁও জিলা সমিতিৰ


মৰিগাঁও, ২৫ জুলাই (হি.স.)। দেওশালত তিৱা মাথনলাই তখ্ৰাৰ ৪৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন মৰিগাঁও জিলা সমিতিৰ।

তিৱা মাথনলাই তখ্ৰাৰ ৪৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা সমিতিয়ে দেওশাল শাখাৰ সহযোগত দেওশাল মন্দিৰ প্ৰাংগনত উদযাপন কৰে।কাৰ্যসূচী অনুসৰি পুৱা জিলা সভাপতি হলধৰ বৰদলৈয়ে পতাকা উত্তোলন কৰাৰ লগতে দুপৰীয়া সভাপতি গৰাকীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত খনৰ আঁতধৰে সম্পাদক কমলা পাতৰে।

মুকলি সভাত তিৱা ৰাজদৰৱাৰৰ সভাপতি জুৰচিং বৰদলৈ, তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈ তখ্ৰাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্যাদ্বয় ক্ৰমে ডঃ ধনদা কাকতি আৰু অনিতা কোঁৱৰে বক্তব্য আগবঢ়ায়। তখ্ৰাৰ মৰিগাঁও জিলাৰ অন্তৰ্গত শাখা সমূহৰ সভাপতি সম্পাদক সহ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আনহাতে আজিৰ সভাতেই আজীৱন সভ্য দহ গৰাকী, সাধাৰণ সভ্য চাৰি গৰাকী আৰু হিতৈষী সভ্য চাৰি গৰাকীক একোখনকৈ তিৱা গামোছাৰে আদৰণি জনোৱাৰ লগতে সভ্য ভৰ্তিৰ মানপত্ৰ সহিতে গ্ৰন্থৰ টোপোলা আগবঢ়াই।

বিশেষকৈ আগন্তুক লোকপিয়লত তিৱা জনগোষ্ঠীৰ লোকসকলে কেনেদৰে জৰীপ কৰিবলৈ অহা বিষয়াক তথ্য যোগান ধৰিব সেইবিষয়ে বিস্তৃতভাৱে আলোচনা কৰা দেখিবলৈ পোৱা যায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande