বান দুৰ্যোগত অসমবাসীৰ কাষত অটলভাৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ-বিজেপি
গুৱাহাটী, ২৫ জুলাই (হি.স.)। অসমৰ সাম্প্ৰতিক ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই দুৰ্যোগত প্ৰাণ হেৰুৱোৱা ৬২গৰাকী লোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট উমি ডেকা বৰুৱাই শোকসন্তপ্ত প্ৰতিগৰাকী
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ২৫ জুলাই (হি.স.)। অসমৰ সাম্প্ৰতিক ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই দুৰ্যোগত প্ৰাণ হেৰুৱোৱা ৬২গৰাকী লোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট উমি ডেকা বৰুৱাই শোকসন্তপ্ত প্ৰতিগৰাকী পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে এতিয়াও নিৰুদ্দেশ হৈ থকা ৮ জন লোকৰ সুৰক্ষিত উদ্ধাৰৰ বাবে প্ৰাৰ্থনা জনায়। লগতে মিডিয়া পেনেলিষ্ট বৰুৱাই কয় যে, এই বছৰৰ বিধ্বংসী বানত বৰ্তমানলৈকে অসমৰ ২৫খন জিলাৰ ৭৭টা ৰাজহ চক্ৰৰ অন্তৰ্গত ২,১০১খন গাঁৱৰ ১১,০০,৮২০জনতকৈ অধিক লোক প্ৰভাৱিত হৈছে।

১৭০টা সাহায্য শিবিৰত ৪৫,০০৫জন লোকে আশ্ৰয় গ্ৰহণ কৰাৰ বিপৰীতে ১,৩০৪টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে খাদ্য, বিশুদ্ধ খোৱাপানী, ঔষধ, শিশুখাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বানপীড়িতসকলৰ মাজত নিৰৱচ্ছিন্নভাৱে বিতৰণ কৰা হৈছে। এই পৰিসংখ্যাই এইবাৰৰ প্ৰাকৃতিক দুৰ্যোগৰ ব্যাপকতা আৰু চৰকাৰে গ্ৰহণ কৰা উদ্ধাৰ-সাহায্য ব্যৱস্থাৰ বিস্তৃতি স্পষ্টভাৱে প্ৰতিফলিত কৰে।

বান পৰিস্থিতিৰ আৰম্ভণিৰ প্ৰথম দুটা দিনতেই নাগালেণ্ডৰ কেতবোৰ অঞ্চল আৰু অসমৰ বৰ্তমানৰ বানপ্ৰভাৱিত জিলাসমূহত সাধাৰণ গড়তকৈ বহুগুণে অধিক অস্বাভাৱিক বৰষুণ হোৱাৰ ফলতেই এই জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে এক নজিৰবিহীন প্ৰাকৃতিক দুৰ্যোগৰ মাজতো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে উদ্ধাৰ, সাহায্য, চিকিৎসা, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণৰ কাম পূৰ্ণ শক্তিৰে আগবঢ়াই নিছে। ভাৰতীয় বায়ুসেনা, এন ডি আৰ এফ, এছ ডি আৰ এফ, অসম আৰক্ষী, অগ্নি আৰু জৰুৰী সেৱা, জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ, বিদ্যুৎ বিভাগ আৰু অন্যান্য সকলো সংস্থাই দিন-ৰাতি একাকাৰ কৰি বানপীড়িত ৰাইজৰ কাষত থিয় দি আছে।

অসমৰ বান পৰিস্থিতিৰ সামগ্ৰিক মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ এক আন্তঃমন্ত্ৰালয়ীয় উচ্চস্তৰীয় দলে আজি অসম ভ্ৰমণ কৰি বানৰ ফলত হোৱা ক্ষয়-ক্ষতি, উদ্ধাৰ আৰু সাহায্য কাৰ্য, পুনৰ্বাসন, কৃষি, গৃহ, পথ-দলং, জনস্বাস্থ্য, শিক্ষা আৰু অন্যান্য মৌলিক আন্তঃগাঁথনিৰ ওপৰত পৰা প্ৰভাৱৰ স্থল পৰ্যায়ৰ বিস্তৃত পৰ্যালোচনা কৰাৰ লগতে ৰাজ্য চৰকাৰৰ সৈতে সমন্বয় সাধন কৰি দীৰ্ঘম্যাদী পুনৰ নিৰ্মাণ আৰু কেন্দ্ৰীয় সহায়ৰ বিষয়তো আলোচনা আগবঢ়াই। এই ভ্ৰমণে স্পষ্টকৈ প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ অসমৰ জনগণৰ সংকটৰ সময়ত সদায় সংবেদনশীল, সজাগ আৰু প্ৰতিশ্ৰুতিবদ্ধ।

ৰাজ্যিক বিজেপিয়ে দৃঢ়ভাৱে উল্লেখ কৰে যে অসমৰ বান পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে যোগাযোগ কৰি বিস্তৃত খতিয়ান লয়। বানৰ ফলত হোৱা ক্ষয়-ক্ষতি, চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযান, পুনৰ্বাসন ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে তেখেতে বিশদভাৱে অৱগত হয়। প্ৰধানমন্ত্ৰীয়ে এই দুৰ্যোগত প্ৰাণ হেৰুৱোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী পৰিয়ালৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰে। তেখেতে স্পষ্টভাৱে আশ্বস্ত কৰে যে অসমবাসীৰ এই সংকটক ভাৰত চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে বিবেচনা কৰিছে আৰু উদ্ধাৰ, সাহায্য, পুনৰ্বাসন তথা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলোধৰণৰ সহায় আগবঢ়াই যাব।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক ৰাজ্য চৰকাৰে গ্ৰহণ কৰা তাৎক্ষণিক ব্যৱস্থা, উদ্ধাৰ অভিযান, সাহায্য সামগ্ৰীৰ বিতৰণ, চিকিৎসা সেৱা, পুনৰ্বাসন আৰু বানপীড়িত প্ৰতিটো পৰিয়ালৰ কাষত থকাৰ বাবে চৰকাৰে গ্ৰহণ কৰা নিৰৱচ্ছিন্ন পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। অসমবাসীৰ প্ৰতি আগবঢ়োৱা এই সহমৰ্মিতা, ব্যক্তিগত তদাৰকি আৰু দৃঢ় সমৰ্থনৰ বাবে অসম ৰাজ্যিক বিজেপিয়ে অসমৰ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

এই সংকটৰ সময়ত ভাৰতীয় বায়ুসেনা, এন ডি আৰ এফ, এছ ডি আৰ এফ, অসম আৰক্ষী, অগ্নি আৰু জৰুৰী সেৱা, চিকিৎসক, স্বাস্থ্যকৰ্মী, বিদ্যুৎকৰ্মী, জিলা প্ৰশাসন, স্বেচ্ছাসেৱী সংগঠন, সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তি আৰু অগণন স্বেচ্ছাসেৱকৰ নিষ্ঠা, সাহস আৰু আত্মত্যাগক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ৰাজ্যিক বিজেপিয়ে। তেওঁলোকৰ অক্লান্ত সেৱাই হাজাৰ হাজাৰ জীৱন সুৰক্ষিত কৰাত আৰু বানপীড়িতসকলক আশাৰ বতৰা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

সকলো ৰাজনৈতিক দল, সামাজিক-ধৰ্মীয় সংগঠন, যুৱ-ছাত্ৰ সংগঠন, ব্যৱসায়িক প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংগঠন আৰু সমগ্ৰ অসমবাসীক এই সংকটৰ সময়ত ৰাজনীতিৰ ঊৰ্ধ্বত উঠি একত্ৰিতভাৱে মানৱসেৱাৰ মহান দায়িত্ব পালন কৰিবলৈ আন্তৰিক আহ্বান জনায়। দুৰ্যোগৰ সময়ত বিভাজন নহয়—ঐক্য; অভিযোগ নহয়—সহযোগিতা; ৰাজনীতি নহয়—মানৱতা; এয়াই হ'ব লাগে আমাৰ একমাত্ৰ সংকল্প।

ৰাজ্যিক বিজেপিয়ে অসমবাসী ৰাইজক আশ্বস্ত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰ বানপীড়িত প্ৰতিগৰাকী নাগৰিকৰ কাষত অটলভাৱে থিয় দি আছে। উদ্ধাৰ, সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। সকলোৰে সহযোগিতা, সংযম, ঐক্য আৰু মানৱীয় দায়িত্ববোধৰ জৰিয়তেই বিজেপি দলে এই দুৰ্যোগ অতিক্ৰম কৰি এখন অধিক শক্তিশালী, অধিক সুৰক্ষিত আৰু অধিক সমৃদ্ধ অসম গঢ়ি তুলিব বুলি মিডিয়া পেনেলিষ্ট উমি ডেকা বৰুৱাই উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande